ছন্দ ভঙা প্ৰতিধ্বনিৰ কোলাহল

ৰাতিৰ নিৰ্জ্জনতাত সাৰ পাই
কেতিয়াবা শুনো 
শোভাযাত্ৰাৰ ধ্বনি

তাৰ প্ৰতিধ্বনিয়ে
ৰাতিৰ এন্ধাৰবোৰত
হিল-দ’ল ভাঙি
চলনা কৰি লৈ যাব খোজে
পলৰীয়া মনটো

অন্তৰৰ আঁহে আঁহে বৈ যায়
নতুন জগত গঢ়াৰ শিহৰণ




হঠাতে স্ম়ৃতিত চমকি উঠে
বাস্তৱৰ প্ৰতিকৃতি
পলৰীয়া মনত অনুভৱ হয়
ছন্দ ভঙা প্ৰতিধ্বনিৰ  কোলাহল

জীৱনৰ সময়বোৰ
উৰণীয়া ডাৱৰৰ দৰে
এনি তেনি বগাই ফুৰি
হঠাতে জিলিকি উঠা ভাৱত
ফুটি উঠে জোঁট লগা বাঁহীৰ তান

মোৰ মনত চলা সংঘাট









ধুমুহা বতাহৰ দৰে
পাৰ হৈ যায়
মোৰ মনত চলা সংঘাট

আত্মাৰ বিননিবোৰে
আৱেগৰ কম্পন হৈ
মনত লুকাভাকু খেলে

অস্থিৰ মনৰ আৱেগবোৰে
অচিনাকি ঢৌৰ কঁপনি তুলি
গধূলীৰ ক্ষীণ পোহৰৰ আৰে আৰে
আঁক বাক কৰি যায়
মোৰ অনুভূতিবোৰ

মগজুত উদ্ভৱ হোৱা
এই চেতনাৰ প্ৰতিটো কিৰণ
শৰীৰত বিয়পি পৰে

অকাই পকাই
বাট বিচাৰি বৈ যায়
অন্ধকাৰত ডুব যাব খোজা
বেলিটোৰ জিলিকা ঢৌত

অজানিত খুদূৱনি আহি পৰে মনত
দিগন্তৰ আকাশত বিৰিঙি উঠা
শেষ ৰাঙলী আভাত

নিৰল সন্ধিয়াৰ
এনে ক্ষণবোৰত
বতাহত উৰি ফুৰে
মোৰ মনত চলা সংঘাট

গধূলিৰ প্ৰাণোচ্ছল আৱেদন













মাৰ যোৱা সূৰুযৰ
সীমাহীন পৰিধিলৈ
ভাহি  বিয়পি  যোৱা
মধুময় ৰূপৰ
প্ৰতিধ্বনিত সুৰত
কাণ পাতি থিৰ হৈ ৰওঁ

এটি অনুভৱৰ শিহৰণে
বুকুত কঁপনি তুলে

আকাশৰ ৰঙীন হাঁহি
আৰু ৰজনীগন্ধাৰ সুৱাসত
মন হেৰাই উৰি য়ায়
ৰঙীন পখিলা দৰে

ৰ সিক্ত অনুভূতিবোৰে
হৃদয়ত তোলপাৰ লগায়

উত্তাল সন্ধিয়াৰ এই ৰূপে
হিয়াত সিঁচি দিয়ে
ৰঙীন পখিলাৰ মন

এই সুৰত বন্দী হৃদয়ে
লুইতৰ জিলমিলিয়া ঢৌৰ লহৰত
মিলি যাব খুজে
নৈৰ নিছিগা ধাৰ হৈ

জাকৰুৱা চৰাইজাকৰ
মুখৰিত কলকলনিগুণগুণনীয়ে
মৌনতাৰ কোলাহল ভাঙি
পানীৰ সোঁতত ঢৌ তুলে

বুকুৰ বান্ধ ভাগি
বাট হেৰুৱা কলি এটিয়ে
গোপনে মন বঠা মাৰে

বুৰ যাও যাও বেলিৰ
গধূলিৰ প্ৰাণোচ্ছল আৱেদনত
বৈ থকা বতাহে গুনগুনাই আৱৰি লয়
মোৰ অবুজ মন

শীতৰ আগমন

















সাৰ পাই দেখিলো
জুমি চোৱা ৰ'দে
সেউজীয়াৰ আৰে আৰে
এটোপাল নিয়ৰত
এঙামুৰি দি
মৌনতাৰ নিস্তব্ধতা ভাঙি
জিলিকি বিলাইছে
সূৰুযৰ কিৰণ

শীতৰ আৱেশত
পূৱতী নিশা
এচেৰেঙা ৰ'দৰ পৰশ পাই
হৃদয়ত ভাহি উঠে 
এটি বনৰীয়া আৱেগ

কোমল বতাহৰ স্নিগ্ধ পৰশত
অন্তৰৰ আঁহে আঁহে
কোলাহল কৰে
ঠিকনাবিহীন এই আৱেগে

নিগৰি বৈ অহা
কুৱলীৰ ৰিহাৰ আৰত
চলিছে যেন এয়া এক
উৎসৱৰ আয়োজন

আহিনৰ সন্ধিয়া












চাকিৰ কঁপি কঁপি 
ক্ষীণ হোৱা পোহৰৰ দৰে
গধূলীৰ বেলিটোৰ পোহৰ
ঢৌবোৰৰ কঁপনিৰ তালে তালে 
তিৰবিৰাই নোহোৱা হ´ল

চাৰিওফালে অত ত’ত সিঁচৰতি
মনৰ ভাৱবোৰ গোটাই ভাবিছো
দিখৌৰে উজাম নে ভটিয়াম

কঁপি কঁপি বৈ যোৱা 
মেটেকাখিনিলৈ চাই
আহিনৰ সন্ধিয়া 
মনটো দোমোজাত পৰিল

বঠা এৰি ঢৌৰ কঁপনিত হালিজালি 
আশাৰে আকাশলৈ চাই ৰলো
জোনটিয়ে লৈ আনে নেকি
কিবা দিকৰ বতৰা