এটি নবীন সূৰ্য্য

এটি উদগ্র বাসনাৰ
আকুল আক্ৰোশ
মোৰ শৰীৰত
মোৰ সমস্ত সত্বাত,
দপদপকৈ জ্বলিছে
এটি অনুভূতি কলিজা দুফাল কৰি,
উত্তপ্ত বিজুলীৰ
চলিছিল হৃদয়ত হিংস্র উৎসৱ,
প্রাণ পাই উঠিছিল
হৃদয়ৰ কোণে কোণে
এটি নবীন সূৰ্য্য,
বতাহত ভাঁহি গ'ল
এটি আনন্দৰ ৰাগ
জীয়াই থকাৰ অৰ্থ পায়,
মোৰ তেজৰ সোঁতত
ৰিণি ৰিণি শুনিলো
শুভ্ৰ জলৰ প্রতিধ্বনি,
মনৰ সংকীৰ্ণতাৰ ভেটা ভাঙি
জাগি উঠিছিল প্রাণত
নৱতম চেতনাৰ
এটি গীত