মায়াবি সংগীত


সেউজী অৰণ্য

নিশ্বাস এখনি অৰণ্যৰ
মোৰ বুকুলৈ উজাই আহে

উশাহত মিলি যায়
জী উঠে সেউজী অৰণ্য।

উপলব্ধি

অমানিশা জীৱন সংগী
মোৰ অভিধান  বিষাদ,
তমসাৰ অবুজ মাদকতা
সুক্ষ্মতম কণিকাৰ আৱেদন,
উদাসীন সংগীত বতাহৰ
নিসংগ ভাৰহীন প্রতিপল,
স্বকীয়তাৰ মিছা ঠিকনা
উপলব্ধি মাথো আত্মাৰ
জগাই তোলে হেঁপাহ

এক মধুৰ যন্ত্ৰণা










সপোনৰ গভিৰতা
এক মধুৰ যন্ত্ৰনা
উশাহত বিয়পে উৎকণ্ঠা
ব্যস্ততাপূৰ্ণ জীৱনত
লৈ আহে আশা

সপোনৰ মিঠা মিঠা
বৰ্ণময় সুবাসত
সৃষ্টি হয় আকাক্ষা
শুকুলা মেঘত 
চটিয়াই দিয়ে
সম্ভাৱনাৰ ৰং

জীৱনে খোজ লয়
খলা বমা পথেৰে
অনুভূতিৰ পম খেদি

শৰৎ







শৰতৰ স্মৃতি
হৃদয়ত জ্বলে
অন্তৰত থকা
মধুৰ সপোন
বৈ যায়
জীৱনৰ বাটত

গভীৰ চেতনাৰে ভৰা
আকুল হৃদয়ত
শৰতৰ পূৱাবেলা
দিলেহি চটিয়াই
এচাটি মলয়াই
জীৱনৰ গান

হেঁপাহৰ সপোন বিছাৰি

কোনেও নজানকৈ
নিজানে নিজানে
পাৰ হৈ যাম
পাহাৰ বগাই
হেঁপাহৰ সপোন বিছাৰি
নিঃসংগতাৰ ৰহস্যময়
এই অস্তিত্বৰ
অৱসান বিছাৰি

শীতল স্পর্শই
থিতাপি লৈছিল
উদ্বাউল মনত
মনৰ সাহস
নিজৰাৰ গুণ গুণ
অসংখ্য পখিলাৰ
সজীৱ উপত্যকা
আৰু
জোনাকৰ শুভ্রতা

লুইতৰ বালিচৰ

বিশাল বালিচৰ 
লুইতৰ  বুকুত
ৰিহাৰ আঁচল যেন
জিলমিল ৰূপৰেখা
প্ৰকৃতিৰ নিজানত 
স্বচ্ছতাৰ সুৰ

কঁপনি উঠে

আন্ধাৰৰ আঁচলত
সেই বাটটোত
জিল জিল কৰে
মোৰ প্ৰতিকৃতি
কঁপনি উঠে
অন্তৰৰ আঁহে আঁহে
আন্ধাৰৰ আৰত
গছৰ তলত
নিস্তব্ধ শূন্যতাত

হেমন্তৰ সন্ধিয়া

হেমন্তৰ সন্ধিয়া
আকাশৰ এক প্ৰান্তত
ধৰণীৰ মৌন
শীতল পৰশ পাওঁ
পাত-সৰা গছবোৰত
চাঞ্চল্যৰ মৃদু স্পন্দন
আকাশৰ মাজে মাজে
ইপিনে সিপিনে
ৰূপালী জ্যোতিৰ শিখা
ঢালি দিব খোজে
শূন্যতাৰ পৰা
উকি মাৰি

জোনাক

জোনাকৰ উপস্থিতি
সোনোৱালী ভৱিষ্যতৰ সপোন
বুকুত ৰচে বিচিত্ৰ সুৰ
মুক্ত কৰে আন্ধাৰৰ কৌতূহল
বৈ যায় এটি
আৱেগৰ তৰঙ্গ

উখল মাখল শব্দবোৰ

উৎসৱৰ উখল মাখল শব্দবোৰ
বৈ আহে বতাহত
বিয়পি পৰে মোৰ সমস্ত সত্তাত
সৃষ্টি হয় এটি অস্থিৰতা
বতাহত উপঙি কপিঁ কপিঁ সৰৱ হয় আকাশ বতাহ
বহুদিন নিৰৱ আছিল কোনেওঁ নাজানিছিল
পুৱাতে গান গোৱা চৰাইবোৰ ঘৰ এৰি উৰিছিল
থোপ খাইছিল লাহে লাহে চিৰাংৰ হাবি বননীত
প্ৰতিটো শব্দৰ বিচিত্ৰ সুৰত
বননীৰ নিজান মুহূৰ্ত
সৰি সৰি পৰিছিল অবিৰাম গতিত

এটি আনন্দৰ ৰাগ

দপদপকৈ জ্বলিছে
মোৰ শৰীৰত
এটি উদগ্র বাসনাই

সৃষ্টিৰ নৱতম চেতনাই
হৃদয়ৰ কোণে কোণে
প্রাণ পাই উঠিছিল

পোহৰৰ ধল বোৱাই
জাগিল প্রাণত
এটি নবীন সূৰ্য্য
বতাহত ভাঁহি গ'ল
জীয়াই থকাৰ অৰ্থ পায়

বিয়পি পৰে
এটি আনন্দৰ ৰাগ
মোৰ তেজৰ সোঁতত

অভিজ্ঞতাৰ আঁচোৰ

বুৰঞ্জীৰ
ভয়ংকৰ দিনে
মোক দিছে
ক্ষমতা
নিৰ্ভুল হোৱাৰ

সেযে, বিবেকী যুদ্ধত
প্ৰতিষ্ঠা কৰিছোঁ
হেৰাই যোৱা
জীৱনৰ অৰ্থ

বিদ্ৰোহ

বিচিত্ৰ অভিব্যক্তি
বিদ্ৰোহৰ
অভ্যুদয় চেতনাৰ

অভিযান  পৰিবৰ্তন
ইতিহাস সৃষ্টি
নতুন যুগৰ

বুকুৰ সপোন
প্ৰাণৰ হিল্লোল

তৰুণ হিয়াত
তাৰ কঁপনি লাগে

মই অচিন যাত্ৰী

শূন্যতাৰে ভৰা 
নিস্তব্দ পৰিবেশ
ওপঙি ফুৰিছে মন
দুচকুত তন্ময়ৰ ছাৱঁনি
ধিমিত ধামাক পোহৰত
ফুটি উঠে মোৰ দৃষ্টি
নিৰুপায় মই
ধৈৰ্য্যৰ বান্ধ এক্ষন্তেক
কপি উঠিছিল বুকু
বিচিত্ৰ  কালৰাত্রিৰ
মই অচিন যাত্ৰী
অচিন পথৰ

হৃদয়ত স্বপ্নৰ ৰহস্য

এটি অনুভূতি
বিয়পে মোৰ সত্তাত
দেও দি আহে
কৌতূহলী মন
সৃষ্টি এটি অস্থিৰতা
হৃদয়ত স্বপ্নৰ ৰহস্য
এটি চিকমিক সপোনৰ
সৰ্পিল পাক
মোৰ তুলুঙা নাও
নদীত ভাঁহি যায়
যাত্রাৰ অন্ত
এটি অচিন ঘাট

আবেগৰ স্পৰ্শ

মায়াৱি সুৰৰ
মায়াজাল

শৰীৰত শিহঁৰণ
এক অলীক সংগীতৰ
তাৰ প্রতধ্বনি বতাহত

বুকুভেদি যায়
এটি শীতল সোঁত
বৈ যায় এটি  সুৰ
অনুৰনিত এটি স্পন্দন
মায়াবি আকর্ষন
আবেগৰ স্পৰ্শত
সন্মোহন

অলিক সপোনৰ
মন্ত্রমুগ্ধ ময়
অনুভৱত বিভূৰ
এটি মায়াবি পৰশৰ

আকাক্ষ্যাবোৰ

সপোনৰ বাগিচাখন
থানবান কৰি
বিষন্নতাৰ ধৌবোৰ
অজস্র ধাৰাৰে
গলি গলি পৰিছে

দৈনদ্দিন জীৱনৰ
খলা-বমা পথবোৰত
চমকি ৰয়
আকাক্ষ্যাবোৰ 

এটি গুন গুননি সপোনৰ

এটি গুন গুননি
সপোনৰ
এটি অনুভৱ
মনৰ মাজৰ

সতেজ অনুভৱ
জ্বলি উঠিছিল
আশাৰ জুই

এটি নিজৰাৰ
সুঁতি হৈ
স্মৃতিৰ চুকে কোনে
জগাই তোলে উপলব্ধিৰ
উষ্ণ আমেজ 

বুকুত জ্বলে অনুভৱ

পাহাৰৰ শিখৰে শিখৰে
এটি চৰায়ে গান গাই
আকাশখনক কন্দুৱাইছিল

গছে বনে তাৰ
লাহী ডেউকা কোবাই
কুঁৱলী আঁতৰায়
নিজান সুৰত

এবুকু দুখ
সৰি পৰিছিল

বুকুত জ্বলে
অনুভৱ
ভৰি পৰে
অন্ধকাৰ

সুৰত বন্দী আশাবোৰ











বুকু ঠেকেছিছে
নৃত্যৰ তালে তালে
ৰৈ ৰৈ বাজি থাকে
মৌনতাৰ পৰশত
নুবুজা বেদনা

অভিমানবোৰ ৰৈ ৰৈ
স্মৃতি হৈ ৰ’ল

বাজি উঠে বুকুত
অজান সংগীতৰ সুৰ

সুৰত বন্দী আশাবোৰ
ভাঁহি আহে
নিশব্দতা ভেদি

মনে নেমানে
পিচলৈ উভতি চায়
বতাহত নাচিচে 
বুকুৰ সপোনবোৰ

কঁপি উঠে মন

প্রটিতো বাৰিষাত
কঁপি উঠে মন
প্রচন্দ ধুমুহাই মোক আমনি কৰে
ডাৱৰৰ ঢেৰেকনিত
কপে হিঁয়া ক্ষণে ক্ষণে
বিজুলিৰ তিৰবিৰনিত
বুকুত উঠে ঢপ ঢপনি
জীয়াই থকাৰ তীব্র হেঁপাহ
হেৰাই যাব খোজে মাজে মাজে

অন্ধকাৰৰ অনুভৱ

অমাৱষ্যাৰ অন্ধকাৰত
সেউজীয়া পাতবোৰ
নিঠৰ হৈ পৰিছে

এক সন্মোহনি মায়াত
আৱদ্ধ হৈ ৰলো

মনত ঢৌ খেলে
বিজুলীৰ চমকনিত
বুকুভেদি বৈ যায়
এটি শীতল সোঁত

এই অনুভূতি এক সাথঁৰ

মোৰ সমস্ত সত্তাত
এটি অস্থিৰতা
এটি অনুভূতি
চিকমিক ৰহস্যৰ

দেও দি আহে
এটি উৎকন্ঠা
সৰ্পিল তাৰ পাক

কৌতূহলী মন
অস্থিৰতাৰ ঘনিষ্ঠ উশাহ
স্নায়ুত বিজুলীৰ গতি

স্বাস ৰূদ্ধ
অকস্মাৎ শুনিলো শংখ নিনাদ
বিস্ফোৰণ ঘটিছে অন্তৰাত্মাত

থিৰ হৈ ৰওঁ চেতনা হেৰাই
খেলিমেলি মনৰ মাজত
এই অনুভূতি এক সাথঁৰ

এটি গান হওঁক

এটি গান হওঁক
মাদকতাৰ শিহৰণ
জী উঠাৰ আশা

এটি গান হওঁক
শৰীৰৰ প্ৰতিটো বিন্দুৰ
উত্তাল তৰংগৰ ঢৌ

এটি গান হওঁক
অনুভবৰ এক
নৈসৰ্গিক আনন্দ

এটি গান হওঁক
আকাশে বতাহে
উপচি পৰা
উছৱৰ মধু আলোড়ন

এটি গান হওঁক
কল্লোলিত হৃদয়ৰ
বাৰিষাৰ ঢল

এটি গান হওঁক
এটি নতুন আশাৰ
উন্মুক্ত আবেদন

অনুভৱৰ গুণ গুণনি 2

এটি সুৰৰ তালে তালে
বৈ মৃদু মলয়া
দি শেৱালীৰ সুবাস

এটি মিচিকিয়া হাঁহি
আৰু গীতৰ কলি 
এটি অনুভৱ গুণ গুণনি নুবুজা ভাষাৰ

সুৰৰ মূৰ্চনাত মন হেৰাল
অবোজ মনৰ নুবুজো ভাষা

বিচিত্র অনুভূতি মনৰ


সুৰৰ ধ্বনিত মুখৰ সংলাপ
হাতৰ পৰশত সাধনাৰ ফল
উত্তাল তৰঙ্গত সংগ্ৰামৰ ইতিহাস
বিচিত্ৰ কন্ঠৰ সন্মিলিত  সমস্বৰ
সূৰ্য্যস্নাত দেহৰ সৃষ্টি
হাঁহিৰ প্রাণ  স্পৰ্শ ৰূপ
প্ৰতিখন বুকুৰ সেউজীয়া সপোন
নাচে সোঁতৰ চেৱে চেৱে
মেঘ মুক্ত নীলাকাশ শূন্যতাৰে ভৰা
সন্ধানৰ ছাৱঁনিত অশৰীৰি আত্মা
নিঃশব্দে জ্বলি উঠা বাঁহীৰ সুৰত
ধিমিত ধামাক পোহৰ
সুৰহৈ  ফুটি উঠে
বিদ্যুংগতিত বুকুয়েদি পাৰ হয়
মনৰ ভাৱত
অকৃতিম অনুভূতিৰ স্বাদ

জীৱন সঙ্গীত

আকাশৰ পূব প্ৰান্তত
জীৱন-সৃষ্টিৰ 
এটি মৃদু উল্লাস
পোহৰে চুমে আকাশৰ সীমা
শেৱালিৰে ভৰা শৰতৰ
পুৱঁতী নিশা
হিয়াত বাজিল শতমুখী তান
সুদূৰ প্ৰান্তত দেখা
একা-বেঁকা মিলন ৰেখা
সঘনে কঁপিছে 
মোৰ নীৰৱ বাসনা 
জীৱন সঙ্গীত 
এটি আৱেগৰ তৰঙ্গ

উদভ্ৰান্ত হেঁপাহ

আৱেগেৰে ভৰ-পূৰ
চঞ্চল এযুৰি চকুত
উদভ্ৰান্ত হেঁপাহ

খোজে পতি কঁপি উঠা
ৰূপহীৰ ৰূপত
ভৰ-পূৰ জোনাকৰ
এটি শীতল পৰশ

উগুল-থুগুল অন্তৰত
জাগি উঠে ব্যগ্ৰতা

প্ৰেম-দগ্ধ হৃদয়ত
মিলন তৃপ্তিৰ
গুপুত হেঁপাহ

সপোন সপোন সপোন কিয় দেখো সপোন

সপোন সপোন সপোন
কিয় দেখো সপোন
ভাৱৰ চেৱে চেৱে
সপোনে হাঁহে, কান্দে
সপোন মায়াৰ এটি স্পন্দন
এটি আকৰ্ষণ
অস্থিৰ হয় হৃদয়
নতুবা বুকুত ঢৌ খেলে
এটি উত্তাল তৰঙ্গৰ
অস্থিৰ উত্তাপত ভৰি পৰে বুকু
ভৰি পৰে বুকুত ভাল লগা
এটি স্পন্দন এটি অনুভৱ
হৃদয়ৰ গতি হয় দূৰ্ব্বাৰ
ভয়ত বিছাৰি নাপাওঁ
ছত্ৰভংগ দিয়াৰ বাট
সপোন সপোন সপোন
কিয় দেখো সপোন  ।।

অচিনাকি বন্ধু

অচিনাকি বন্ধু
অচিনাকি মন
নহয় কোনো কাৰু
আত্মিয় সজন
তথাপি গাঁও
বন্ধুত্বৰ গীত
কবিতাৰ ভাষাৰে

স্বপ্নাতুৰ অলিক সপোনৰ

এক অলীক সংগীতৰ
মায়াজালৰ শিহঁৰণ শৰীৰত
মায়াৱি সুৰৰ প্রতধ্বনি বতাহত
বুকুভেদি যায় এটি শীতল সোঁত
অন্ধকাৰ নিজান ৰাতি
বৈ যায় এটি কৰূণ সুৰ
অনুৰনিত এটি স্পন্দন  দুস্বপ্নৰ
মায়াবি আকর্ষন কৰূণ সংগীতৰ  
কোমল আবেগৰ স্পৰ্শত সন্মোহন
স্বপ্নাতুৰ অলিক সপোনৰ
মন্ত্রমুগ্ধ ময় অকলশৰীয়া
কলিজা বিদাৰি বতাহত বিয়িপিছে
এটি প্রচছায়া প্রতিকৃতিৰ
অনুভৱত বিভূৰ এটি মায়াবি পৰশৰ

হেৰাই যোৱা বহুতো আশা

কেতিয়াবা থমকি ৰৈছানে
জীৱন পথতত নিৰাশাৰ আন্ধাৰত
স্মৃতিৰ আন্ধাৰত হেৰাই যোৱা অতীতৰ
গহ্বৰবোৰ এবাৰ খান্দি চোৱা
কিমান প্রতিশ্রুতি আৰু কত পৰিকল্পনা
পোত গ’ল প্রতিযোগিতাৰ তীব্র গতিত
আশাৰ ৰেঙনী হৈ জী উঠিব
হেৰাই যোৱা বহুতো আশা
তাতেই বিছাৰি পাবা
জীয়াই থকাৰ বহুতো উদ্দেশ্য
দিব এটি নতুন দিশৰ সন্ধান

হিয়াত ৰঙৰ উছৱ

বতাহত পাহি মেলি নাচিছে 
এটি সপোনৰ মায়া
হৃদয়ত এটি কবিতাৰ 
বাধাহীন উৰ্ম্মিমালা 
লক্ষ ঢৌ মন সাগৰত
হিয়াত ৰঙৰ উছৱ
কোমল সুবাস 
অন্তৰ উপচি পৰে গানৰ ভাষাৰে
মুগ্ধ কবিয়ে ছন্দৰ তুলিকাৰে চটিয়াই 
জীৱনৰ সোনোৱালী ৰং
হৃদয়ত খেলি যায়
এটি  বিজুলী  চিকমিকনি

স্মৃতিৰ জুৰিটিৰ নিৰৱতা ভাঙে

স্মৃতিৰ অজ্ঞাতে উৰি  আহে
সন্ধিয়া নিঃসাৰে
অনুভৱৰ গুণগুণনি
নিঃশব্দে মোৰ কল্পনাৰ ছবিত
উপঙি  ভাঁহি হি থিতাপি লৈ
বগাই ফুৰে
সমগ্র শৰীৰত
মোৰ আবেগৰ উমান পাই
নিঃশব্দে ঢৌ খেলাই
স্মৃতিৰ জুৰিটিৰ নিৰৱতা ভাঙে
অনুভৱবোৰ কোবাল ঢৌৰ
সিঁচৰিত ক্ষণবোৰত
নামি আহে এটি
সান্নিধ্যৰ হেঁপাহ
এটি সৰল হাঁহিৰ উপস্থিতিত
নাটকীয় মুহূৰ্তত
অনুভূতিৰ প্ৰিয়  ৰঙত
বাজি উঠে বাঁহীৰ সুৰ
নিমিষতে উজ্জ্বল হয়
শক্তিৰ ৰঙীন বসন্ত
এক জাগ্রত শক্তি
ভৰি পৰে বুকুত
এটি মুক্ত নিজান সুৰ
অজান সানিধ্য
স্ফীত হৃদয়
মোৰ নিঃসংগতা
বতাহৰ ডেউকা কোবাই
উৰি যায় অজান  দিশ

সৰি পৰা পাতৰ নিৰৱ বিষাদ

পাতবোৰৰ সেউজীয়া বৰণ
নিঃশব্দে হালধীয়া হৈ
সৰি পৰিছে এটি দুটিকৈ
সৰি পৰা পাতৰ নিৰৱ বিষাদ
সকলোৰে দৃষ্টিৰ অগোচৰ
পাতবোৰৰ বিষাদত
আৱদ্ধ হৈ ৰলো  
মনত ঢৌ খেলে
এক সন্মোহনি মায়াৰ
ৰিঙা ৰিঙা ভাব এটিয়ে
মনত খেলিমেলি কৰে
মোৰ দৃষ্টিত বিষাদ সৰা পাতৰ
ফাগুনৰ বতাহত উৰা মাৰে
পখিলীৰ দৰে সৰি পৰা পাতবোৰ
নিঠৰ মনতো উলাহত নাচি উঠে
চিনাকি এক অপূৰ্ব মায়াই
মোক আবৰি ধৰে
মনৰ খেলি মেলি ভাৱবোৰ
আতৰি ভৰি পৰে মন
নুবুজা ভাষাৰ সুৰত

সন্ধ্যা যেতিয়া নামে

সন্ধ্যা যেতিয়া নামে
জোনাকৰ মৃদু সুবাসত
অতীতলৈ মনত পৰে
তুমিটো নাজানা
মোৰ অকথিত বহু ভাৱৰ কথা
বতাহত ভাহি অহা
মাটিৰ সুবাসত
মন উৰি গুছি যায়
পথাৰৰ সজীৱ স্পন্দন বিছাৰি
পূৱতী নিশাৰ শেৱালীৰ সুৰভি
বতাহত আহি মোক আমনি কৰে
তেতিয়া বৰকৈ
তোমালৈ মনত পৰে
তোমাক আকোৱালি লবলৈ
মনে বিছাৰে
তোমাৰ মৰমৰ পৰশ
এতিয়াওঁ হৃদয়ত নাচে
 নজনাকৈয়ে আজিও 
অন্তৰাত্মাত বিয়পি পৰে
সন্ধ্যা যেতিয়া নামে
তোমালৈ বৰকৈ মনত পৰে

জীৱন বাটৰ চক্রবেহু


তুমি ,মই আৰু সিহঁতবোৰ মিলিয়েইটো সমাজ
তুমি বিচৰাটো মোক লাগে
মই বিচৰাটো তোমাক লাগে
নিজেই সৃষ্টি কৰা চক্রবেহুৰ মেৰপাকত নিজেই বন্দি
জীয়াই থকাৰ উদ্দেশ্য কি
প্রতিপদে সৃষ্টি কৰু মায়াজাল
ইজনে সিজনৰ বাবে সৃষ্টি কৰো ৰহস্য
নিজেই সৃষ্টি কৰা ৰহস্যৰ পমখেদি আহুকালত পৰো বাটে পথে
কেতিয়াবা শেষ হবনে এই বিদ্দেষ ভাৱ

জীৱন্ত প্ৰাণৰ প্ৰতিধ্বনি আকাশত


প্ৰাণৰ হিল্লোলঅপূৰ্ব জেউতি
সপোন শব্দৰ জাগ্ৰত বত্তৰ্মান
প্ৰতিধ্বনিত আকাশৰ জেউতি
পুৱতি তৰাৰ ৰূপৰ চমক
অন্তৰ উপচি পৰা জীৱন ছন্দ
বতাহত ভাহে
শেৱালিৰ কোমল সুবাস
এটি সুসম্পূৰ্ণ সমাহাৰ
স্বৰ্গ আৰু পৃথিৱীৰ
এটি প্ৰীতিৰ সুৰ
দুবৰিত  ফুটি উঠে
জীৱন্ত প্ৰাণৰ প্ৰতিধ্বনি আকাশত
বতাহত ভাহি যায় 

প্ৰাণৰ হিল্লোল এটি সপোণৰ ।।

তোমাৰ সানিধ্যৰ সন্ধানত

কল্লোলিত স্ফীত জীৱনে
সান্নিধ্যৰ এটি ৰঙীন সপোনৰ
উপস্থিতিৰ ৰঙীন হাঁহিত
প্ৰেমৰ  সুবাসৰ প্ৰিয়  ৰং
সপোনৰ গুণগুণনি বুকুত আৱৰি
তোমাৰ সানিধ্যৰ সন্ধানত
নিমিষতে ডেউকা কোবাই
শাখা-প্ৰশাখা মেলিলে মনে
সৰি পৰা নিঃসংগতা এৰি
যাদুকৰী বসন্তৰ বতাহত
নিজান বাঁহীৰ সুৰত
গোলাপৰ পাপৰি যেন
কল্লোলিত আত্মহাৰা বুকু লৈ
হেঁপাহৰ জীৱন্ত অনুভূতিৰ সন্ধানত
গতি কৰিছে সপোনৰ গুণগুণনিত
আৰম্ভনি এটি মৃদু সংগীতৰ

চিৰস্থায়ী অভিলাস প্ৰতিখন হৃদয়ৰ


চিৰস্থায়ী অভিলাস
প্ৰতিখন হৃদয়ৰ
বিস্তৃত এটি স্থিতি
প্ৰবাহমান এটি নৈশব্দ আবেদন
হৃদয়ত উৰি ফুৰে
উন্মুক্ত বাঁহীৰ সুৰত
অনুভৱ হয়
অবিৰত সুৰৰ ধ্বনি
বৈ আহে অন্তৰত বৈ থকা
এটা জুৰিৰ শব্দৰ প্ৰতিফলন
অনুৰনিত হয় পাহাৰে ভৈয়ামে
ইপ্সিত আশা এটি ভাস্কৰ্য্য নিৰ্মাণ
প্ৰাচীন শীতলতাৰ দূৱাৰ ভাঙি
মুক্ত কণ্ঠেৰে অবিৰত
গতিৰ এটি যাত্রা
উদ্দেশ্য হৃদয়ত উৰি ফুৰা
 বিস্তৃত এটি স্থিতি নিৰ্মান

হেঁপাহৰ ৰঙীন পাহাৰটি বুকুত সাৱটি

শব্দবোৰৰ ঘনিষ্ঠ উত্তাপত সৃষ্টিৰ তেজঃদীপ্ত জীৱনধাৰাৰ সুষমা
শব্দবোৰৰ স্বপ্নৰ উদ্যানত সময়ৰ নিজস্ব আবিস্কাৰ
অভিজ্ঞতা বুৰঞ্জীৰ আচোঁৰ
মোৰ দুখ, মোৰ আনন্দ, প্ৰেমৰ গুণগুণ আৰু অনুভৱ
এই শব্দবোৰৰ প্ৰগলভ প্ৰেম বুকুৰ ভিতৰে-বাহিৰে জ্বলে
সীমিত মোৰ সামৰ্থ্যত মোৰ কবিতাৰ বিপৰ্যস্ত অৰ্থ
ঢলি পৰে অন্তৰীক্ষৰ অন্ধকাৰত
কালপুৰুষৰ কৃতঘ্ন সুহুৰিৰ শব্দত
ঢলি পৰা সূৰ্যৰ দোমোজাৰ অজুহাত পাই
ত্ৰস্ত ৰাত্রিৰ যাদুকৰী সান্নিধ্যৰ উপস্থিতি নিৰ্জন ছায়াৰ
হাতত সাৰে ভৰিত সাৰে গুচি যায় মন
জোনাকৰ জালিকটা সুৰুঙাৰ কুঁৱলী আঁতৰাই
উদং বুকুৰ দুখৰ দূৱাৰ খুলি
হেঁপাহৰ ৰঙীন  পাহাৰটি বুকুত সাৱটি ।।

এটি ঘনিষ্ঠ উত্তাপৰ অনুপস্থিতত

বসন্তৰ গান পাহাৰতলিত
এটি চৰায়ে গান গাই
পাহাৰৰ শিখৰে শিখৰে
আকাশখনক কন্দুৱাইছিল
গছে বনে তাৰ লাহী ডেউকা
কোবাই কুঁৱলী আঁতৰায়
হতাশ প্ৰেমিক এবুকু দুখ
পাতবোৰৰ পৰা সৰি পৰিছিল
নিজান সুৰত
গছে গছে হেঁপাহৰ তেজঃদীপ্ত
এটি ঘনিষ্ঠ উত্তাপৰ অনুপস্থিতত
স্বপ্ন উদ্যানৰ জীৱনধাৰাৰ
বুকুত জ্বলে দুখ
অনুভৱে অনুভৱে
প্ৰেমৰ গুণগুণৰ অন্ধকাৰ
ভৰি পৰে
স্বপ্ন উদ্যানৰ জীৱনধাৰাৰ
বুকুৰ ভিতৰে-বাহিৰে

নতুনকৈ জী উঠাৰ আশাৰে 2

এটি নতুন উচ্চাসৰ প্রেৰণাৰে
আকৌ এবাৰ জীৱনক
নতুনকৈ চোৱাৰ হেপাঁহ এটিয়ে
মনটো ফৰকাল কৰি তুলিলে

আবদ্ধ হৈ থকা
কিবা এটা অজান আশংকা
মনৰ দিহিঙে-দিপাঙে ওপঙি ফুৰিছিল
সেমেকা ৰঙা গোলাপৰ পাঁহীত
নিয়ৰৰ টোপালবোৰৰ
নতুন সৌন্দৰ্য্যৰ উপলব্ধিয়ে
মনত সাহস দিলে


হেৰুৱা দিনবোৰৰ

হেঁচা মাৰি ধৰা দুখবোৰ
আৰু
বাঁহীৰ সুৰত ফুটি উঠা
পূৰণি ভাৱ এটাই মোক আৱৰি ধৰিলে

এটি শিহঁৰণ বুকুয়েদি পাৰ হৈ গ’ল
এক অশৰীৰি আত্মাই যেন
ওচৰে পাজৰে ঘূৰি ফূৰি
ধৈৰ্য্যৰ হিচাব নিকাচ কৰিছিল


আত্মাক স্মৰন কৰি
বুদ্ধি আৰু ইন্দ্ৰিয়ক নিয়ন্ত্ৰন কৰি
থিৰ হৈ ৰলো

এক অকৃতিম অনুভূতিৰ
স্বাদ এটি বৈ গ’ল হৃদয়ৰ মাজে মাজে

বৈ যায়

সফলতাৰ আনন্দত
অনুভবৰ এক নৈসৰ্গিক উপস্থিতি
দৃশ্যমান উজ্জ্বল জ্যোতিৰ
বিকশিত সুৰভি
সৃষ্টিৰ জ্ঞ্যান
শৰীৰৰ প্ৰতিটো বিন্দুত
উপলব্ধিৰ প্ৰেমময় অনুভূতিত
বৈ যায়
শৰীৰৰ প্ৰতিটো বিন্দুত
এক উত্তাল তৰংগৰ ঢৌ

মায়াত আৱদ্ধ

মায়াত আৱদ্ধ
নিজম ৰাতি
কণ্ঠস্বৰ কঁপিছিল আবেগত
এক নিঃশব্দ আবেদন
নুবুজা ভাষাৰ
নিথৰ মূহুৰ্ত

তেজৰ স্পন্দণত বৈছে 
বিষাদৰ নৈ
শুনিছো প্রতিধ্বনি
দীঘল উকিৰ
উদভ্রান্ত কল্পনাৰ
নুবুজা ভাষাৰ ঢৌ

ক্ষণ গনি থাকোতে
দিগন্তৰ আকাশত 
বিৰিঙি উঠিল 
ৰাঙলী আভা

বুকুত জ্বলে মোৰ অনুভৱ
সৰি পৰে স্বপ্নৰ পাপৰি
খণ্ড-খণ্ড কৰি তুলে
আবেগৰ তন্ময়

শুনো তেজৰ সোঁতত
বিপৰ্যস্ত জীৱনৰ
শোভাযাত্ৰাৰ ধ্বনি

অচিন ভাৱ

ওপঙি ফুৰিছে মন
দিহিঙে-দিপাঙে
দুখবোৰে হেঁচা মাৰি ধৰে
গুছি গল বসন্ত
হেৰুৱা দিনবোৰৰ সতে

অচিন ভাৱ এটাই 
মোক আবৰি ধৰে
মনত জগাই তুলে
অতীতৰ সোঁৱৰণী

থিৰ হৈ ৰওঁ
উক দিয়ে হৃদয়ত
নিঃশব্দে বিৱপি পৰে
নিশ্বাহৰ সতে

অনামী সুৰ

উন্মনা সূৰ এটি
ৰৈ ৰৈ বাজি থাকে
জোনাকী সন্ধিয়া


সুদুৰৰ সুৰটি
বুকুত বাজে
প্রেম সঙ্গীত হৈ

নীৰৱ আকোলতাৰ
অনামী সুৰ
নিৰিবিলি গধূলীৰ

অনুভৱ হয়
অন্তৰ পৰশি যোৱা,
অব্যক্ত এটি নিঃসংগতা 

বিশ্বাসৰ আকাশখনি

বুকুত সাৱতি লৈ ফুৰা
চঞ্চল চেতনাক শান্ত কৰি
বিসৰ্জন দিব খুজিছো
হেঁপাহ অপেক্ষ্যাৰ ক্ষণবোৰ

বুকুত ঢৌ খেলাই যোৱা
মাদকতাৰ শিহৰণ উপচি পৰিল

অৰ্থহীন আত্মাৰ বিননিবোৰে
জী উঠাৰ আশাত ঢপলিয়াই ফুৰিছিল

নচুৱাইছিল বিশ্বাসৰ আকাশখনি
জী উঠাৰ আশাৰে

পোৱাবেলাৰ অনুভৱ

অনুভৱ কৰো
শৰীৰৰ অংগে অংগে
এটি গীতৰ সুৰ

শেৱালীৰে আবৰা
পোৱাবেলাৰ অনুভৱে
গাত এটি শিহৰণ তুলে

বুকুত ঢৌ খেলাই
সপোনৰ ৰূপ লয়
জীয়াই থকাৰ আশা

সূৰ্য্যাস্ত


শূন্যতাৰ পৰা নিঃশব্দে সৰি পৰিল সূৰ্য্য
বিৰিঙি উঠিল ৰক্তিম আভা
উজ্জ্বলতাৰ সহস্র চকু
ফুটাব নোৱাৰা ভাব
বুৰ গল লুইতৰ বুকুত
নীল আকাশৰ আগ্নেয় কুসুম
সূৰুযক বুকুত লৈ জ্বলে লুইত
অৰ্থভৰা হাঁহি আৰু মনত প্রেম ভাৱ
সন্ধিয়াৰ ৰঙা বেলি এটি বিচ্ছেদ
হৰিছিল কবি প্রাণ
হাঁহিছিল জোনাকে নিৰবে
জোনাক, জোনাক, শীতল জোনাক
অন্তৰ উগুল থুগুল
মনত পৰে পুৰণি বিৰহৰ ব্যথা
গোপন মিলনৰ কথা
সোঁৱৰণী অতীতৰ
মধুৰ ৰূপালী জোনাক
উৰুঙা উৰুঙা লাগে মন ।।