কুঁৱলীৰ ৰিমজিম

মোৰ মন ডাৱৰৰ দৰে
এনি তেনি বগাই ফুৰিছে
ধলপুৱাতেই চিনাকি আলিত
পুঁৱতিৰ শেৱালী ফুলৰ
সুবাসৰ দৰে

কুঁৱলীৰ ৰিমজিম
এই  অন্তহীন পথাৰত
মানস ৰথত আৰোহন কৰি
অনুভৱ কৰো
কল্পনা ৰাজ্যৰ
সুন্দৰ  ছবি

গতি ধ্বংসমুখি

উত্তাল তৰংগ
লুইতৰ বুকুত

ধ্বংসৰূপী আলিংগনৰ
ফোঁচ্ ফোঁচনি

শব্দৰ হুংকাৰত
কম্পিত হৃদয়

ধুমুহা বতাহৰ
কম্পিত ধ্বনিত
আজি লুইত ধ্বংসমুখি

শুনিছো ক্রন্দন
নিঃশব্দ
হিঁয়া ভগা উছুপনিৰ

তীব্র কপঁণি
অপেক্ষা মাথো
শেষ নিশ্বাসৰ উপস্থিতি

আজি জাগিছে লুইত
গতি ধ্বংসমুখি

চেতনাৰ বিদ্যুৎ

তেতিয়া তুমি নাছিলা
মোৰেই গানৰ তান ধৰি
সপোন দেখিছো  মই
জীৱনৰ আঁহে আঁহে
কৰিছোঁ নতুন যাত্ৰা
বুকুৰ উমে মোক দিছে
জীৱনৰ নতুন অৰ্থ
প্ৰতিটো পুৱা
প্ৰতিটো সন্ধিয়া
মোক দি যায়
জীৱনৰ আশীৰ্বাদ
জীয়াই আছো
জীয়াই থাকিবলৈ
আহ্বান মই  শুনিছো
একোটি গানৰ
 মোৰ সপোনৰ উত্তাল তৰংগই
মোক লৈ যায়
বিজুলী বেগেৰে
দোকমোকালিৰ কোমল বতাহে
মোক নিচুকাই
আশাত অন্ধ
তথাপি
এই স্স্পৰ্শই
মোৰ নিস্তেজ মনৰ
স্তৰে স্তৰে
জগাই তুলে
চেতনাৰ বিদ্যুৎ

এবুকু অভিমান

তোমাৰ অভিমান ভাঙিবলৈ
এবুকু সাহস গোটাই
এটি নিজান দুপৰীয়া
গছৰ ছায়াত
ৰৈ আছিলো মই

হেৰাই গৈছিল মন
বিস্মৃতিৰ গহ্বৰত
তুমি অহাৰ মই উমান নেপালো

গুছি গ’লা তুমি
এবুকু অভিমান লৈ
স্তম্ভিত মই
ৰৈ থাকিলো নিঠৰ হৈ

তোমাৰ অভিমান
মোৰ বাবে হৈ ৰ’ল
এটি নুবুজা সাথৰ

জ্বলিছিল বুকুত
তোমাৰ সানিধ্যৰ জুই

নীল আকাশৰ বিষাদ 2

নীল আকাশৰ বিষাদ সহিব নোৱাৰি
কজলা বৰণ লয় শুকুলা ডাৱৰে
সৃষ্টি হয় বিজুলী
বতাহ বৰষুণৰ দুবাহু মেলি
 এৰি দিয়ে মুক্ত ধাৰাৰে
এমুঠী জিয়া আবেগৰ চেঁচা পৰশ
এন্ধাৰৰ ছাঁয়াত
বিজুলীয়ে নাচে
নতুন সপোন ৰচি
নীল আকাশে
আকোৱালী লয় ডাৱৰক
বুকুত সাৱতি

অনুভৱৰ গুণগুণনি

মোৰ আবেগৰ উমান পাই
এটি অনুভৱৰ গুণগুণনি উৰি আহে নিৰৱে
নিঃশব্দে মোৰ কল্পনাৰ ছবিত উপঙি ভাঁহি ফুৰে

অনুভৱৰ সিঁচৰিত ক্ষণবোৰত
ই এটি সৰল হাঁহিৰ উপস্থিতি

এক জাগ্রত শক্তি ভৰি পৰে বুকুত
মুক্ত নিজান সুৰত স্ফীত হৃদয়
উৰি যায়  নিঃসংগতা অজান দিশত

এখনি নীলা আকাশ

এতিয়া আপোন
শীতলতাৰে ভৰা
এখনি নীলা আকাশ
গধূলীৰ নীলাভ আকাশৰ
মৃদু আলিংগণ
শব্দ বিহীন
এটি কবিতা

ঢৌ

এক নতুন ঢৌ
ঠন ধৰি
উদ্ভাষিত হৈ উঠিছিল
শিখৰত আৰোহণ কৰি
ঢাপলি মেলিছিল
নতুন ধ্যান ধাৰণাৰে
পৰিপুষ্ট নৱপ্ৰজন্মক
জিপাল কৰি

স্নিগ্দ্ধ প্রেমৰ সহস্র গান

আকাশত আনন্দৰ
নৃত্য-ছন্দত
অনুচ্চাৰিত শব্দৰ ধ্বনি
বুজা নাই একো
সন্ধিয়াৰ অৰ্ঘ্যৰ অৰ্থ
সুদৰ্শন সূৰ্য্যাস্তৰ তিৰবিৰণিত
ৰঙৰ উলাহ
পাহাৰ ভৈয়াম পোহৰাই
উটি ভাঁহি যোৱা
প্ৰীতিৰ সোঁতত উপচি পৰিল
ফুলে পাতে
স্নিগ্দ্ধ প্রেমৰ সহস্র গান
বিয়পি পৰা
বাসনাৰ লক্ষ ঢৌ
স্মৃতিৰ সীমা চুমি
হিয়াৰ আকাশত
হাঁহিছিল নাচিছিল
চাওঁতে চাওঁতে
উপচি পৰিল ফুলে পাতে
প্রেমৰ শাখা প্রশাখা
সহস্র ধাৰাৰে

মনত উক দিয়া ধোঁৱাবোৰ

বিষন্নতাৰ অদৰকাৰী আঁচলখনৰে
শৰীৰটো ঢাকি লৈ
এটা অলস ভাবত
নিঃশব্দতাক আওকাণ কৰি
উদাসীন আবেগত
পৰি ৰলো এটা আন্ধাৰ চুকত
শেষ নোহোৱা 
মনত উক দিয়া ধোঁৱাবোৰে
আন্ধাৰৰ সুযোগ লৈ 
উপঙি ফুৰিছিল আসেপাশে 
ধোঁৱাৰ কুৱলীৰ আৰৰ
ৰহস্যময় এই অস্তিত্বৰ
অনুভৱত
থিতাপি লৈছিল হৃদয়ত
দৈন্দিন জীৱনৰ
অৰ্থহীন গতি বিধিবোৰে
শেষ নোহোৱা চিন্তাৰ
মেৰপাকত পৰি
খেপিয়াই ফুৰিছো
ৰহস্যময় এই ধোঁৱাৰ
উৎস বিছাৰি

নৈশব্দ কিছু অনুভূতি

জীৱন মৰীচিকাৰ 
প্ৰসাৰিত দুবাহুত
আশাৰ সানমিহলি
সপোনবোৰ
ক্ৰমাগত ভাৱে
আহে আৰু যায়
বুকুত মাথোঁ ৰৈ যায়
নৈশব্দ কিছু অনুভূতি
মন দপোনত
বিৰিঙি উঠে
জীৱনৰ ৰংবোৰ
আৰু
পোৱা নোপোৱাৰ হিচাপবোৰ

তোমাৰ অনুপস্থিতিৰ অনুভৱ

তুমি নাছিলা
আছিল এখনি আকাশ
নাছিল কোনো সীমা
আছিল মাথো প্রভাতৰ ফুল আৰু বতাহৰ মৰম
প্ৰতি লহৰত বাজি উঠা সুৰ
ই যেন আৰতিৰ ধ্বনি
দূৰণিৰ বননিৰ শেৱালিৰ কোমল সুবাস
উপচি পৰে অন্তৰ ভৰি
হিয়াত লাগে কঁপনি
দিগন্ত বিয়পি নীলা লক্ষ  ঢৌ
স্মৃতিৰ সীমা চুমি
মোৰ হৃদয়ত  ৰঙা তেজ ঢালি জ্বলাই চাকি
সপোন মায়াৰ কবিতাৰ  যেন এটি সুঁতি


অনুভব এক অপূৰ্ব ভ্রমণ

দিগন্তৰ আকাশত
বিৰিঙি উঠিল
হেজাৰ তৰা
আকাশী শূন্যতাত
চঞ্চল হৰিণীৰ দৰে
ঘনে ঘনে লৰিছে চৰিছে
ৰহস্যময় এই অস্তিত্বৰ 
মধুময় ৰূপ
ভৰি পৰে মন
জাগি উঠে প্ৰাণত
অপূৰ্ব্ব সঙ্গীত 
অনুভব এক 
অপূৰ্ব ভ্রমণ
ভৰি উঠে মন
ৰহস্যময়ী এই 
মায়াৱী ৰূপত

চিনাকি ঢৌৰ কঁপনি

সঙ্গীতৰ লহৰত
বাজি উঠে সুৰ
আকাশে আকাশে
মলয়াত উটি ফুৰে
চিনাকি ঢৌৰ কঁপনি
হৃদয়ত জ্বলে হেপাহৰ সুৰভি
উগুল থুগুল অন্তৰত
উৰুঙা বতাহ জাকে
সানি থৈ যায়
কুঁৱলীৰ জাল কাটি
নৈ:শব্দ সুৰৰ ধ্বনি

প্ৰতিচ্ছবি নে প্ৰতিবিম্ব

এটি প্ৰতিচ্ছবি নে প্ৰতিবিম্ব ।
একো নালাগে
আহিছে সপোন দেখিবলৈ দে,
জীয়াই আছো মই
ভালপোৱাৰ বৰষুণত তিতাৰ আশাৰে,
আকৌ মোক তিয়াবা তুমি
উৰি গৈ আকাশত ডাৱৰ হম,
গুছি যাবা লয়লাহ ভংগীমাত 
তুমি পক্ষী হই,
সপোন বৃত্তৰ ভিতৰত পৰি ' মই,
ঠিকনা হেৰাল মোৰ
ঘূৰি যাব খোজো গাওলৈ,
মই কাক বিচাৰিম
লিখি দে মোৰ পৰিচয়
ভাগৰুৱা মই জিৰাব দে ।

এক অবুজ বন্যা

নিশাৰ নিসংগ
শেষ নোহোৱা মূহুৰ্ত্তবোৰে
স্পৰ্শ কৰি যায়
হৃদয়ৰ এই চিনাকি ঠাইডোখৰতে
সৰি পৰে অজানিতে
এটোপাল চকুপানী
অন্তৰভেদি নিগৰি আহে
নিৰ্জনতাৰ যন্ত্ৰণা
ভাৱলেশহীন দুচকুয়ে
বিচাৰি নাপায়
প্ৰাপ্তি-অপ্ৰাপ্তিৰ উপলব্ধি
এক অবুজ বন্যাই 
উটুৱাই লৈ যায়
আকাশৰ নীলা ৰং
ডাঁৱৰে ঢাকি ধৰে
সীমাহীন বেদনা
নিশ্চুপ বেদনাবোৰ
শুকুলা মেঘৰ মোহনাত
ওলমি ৰয় 
স্মৃতিৰ অস্তিত্ব হৈ
যেন সমাধিস্ত 
এপাহি গোলাপ

পূজাৰ উখল মাখল

বিস্ফোৰিত ৰং
ডুলি উঠে আকাশ
ৰামধেনুৰ সপোন সিঁচি
বিজুলীৰ চমকনিত
উপচি পৰে ধৰা