কোনেনো শিকালে

মোৰ এই আকুল মনে
নাচোনৰ ছেৱে ছেৱে
আৰতিৰ ধ্বনিত
নিতৌ সন্ধিয়া
ঢল হৈ আগুৱাই

দূবৰিত পৰি থকা নিয়ৰত
আকাশৰ তৰা বিচাৰে

অন্তৰ  আকাশ ভৰাই
শেৱালিৰ কোমল সুবাসে
মোক কৰেহি উন্মনা

চৌদিশে উপচি পৰা
আৰতিৰ ধ্বনিত শুনো
মোৰেই হৃদয়ৰ প্ৰতিধ্বনি

ছন্দৰ তুলিৰে আঁকো
জীৱনৰ সোনোৱালী ছবি

হৃদয়ে মোৰ কি বিচাৰে
দূৰ দিগন্ত বিয়পি থকা
বাসনাৰ লক্ষ ঢৌৰ
বাধাহীন উৰ্ম্মিমালা

চকুত জ্বলে সপোনৰ মায়া
কোনেনো শিকালে
অনুভৱ কৰিবলৈ
আঁউসী নিশাৰ এই সুষমা

তোমালোকৰ শিপাবোৰ

যদিও নিজান
আকাশত জিলিকে তৰা
তুমিতো নোহোৱা মহামুনি
বশিষ্ঠ, গালৱ অথবা গোকৰ্ণ
এখনি শুৱ্নি ধৰাৰ বুকুত
বিশাল প্ৰান্ত জোৰা
তোমালোকৰ শিপাবোৰ
মুগা ৰিহাৰ আঁৰে আঁৰে 
বিয়পি আছে অঁকাই-পকাই
শোওঁতে, খাওঁতে কিম্বা উঠোঁতে বহোঁতে
লুকাভাকু খেলি খেলি
অৰ্থভৰা হাঁহি মাৰি
কৰা লাভ আৰু ক্ষতিৰ গণনা
এই ভাৱে মোৰ গাত
অচিনাকি ঢৌৰ কঁপনি তুলিছিল
উদঙীয়া ডাৱৰৰ দৰে
চিৰিলা চিৰিলি হোৱা
মনত বিদ্ৰোহ জাগিছিল

গোলাপৰ হাঁহি

গোলাপৰ হাঁহি এটি মৃদু জাগৰণ
সহশ্ৰ হৃদয়ত তোলে আলোড়ন
কোমলতাৰ পৰশ বোলাই
কৰিছে বিজয় সকলো হৃদয়

দুঃস্বপ্নৰ জাল

নদীৰ ঢলে
এৰি থৈ গুচি যোৱা
দুঃস্বপ্নৰ জাল

আহে ভাঙি-ছিঙি বছৰে বছৰে
প্ৰাণৰ সেউজীয়া ৰঙত
আঁকি দিয়ে ফুটছাঁইৰ বৰণ

এখন পৃথিৱীত
গছ-লতা ফুল মষিমূৰ কৰি
বালিৰ দ’লেৰে গঢ়ে সমাধি

এই বালিৰ মৰুভূমিত
জীৱনে ক’ৰবাত বাট হেৰুৱায়

দূৰণিৰ গাঁওখনিত
ৰাতিৰ বতাহে ছটিয়াই
ধ্বংসৰ অশান্তি
গঢ়ে বিভীষিকাময় জীৱন

ভাগৰ লাগিছে মোৰ
যাত্ৰা শিলাময়
সংঘাতত ওপজে ফিৰিঙতি

জীৱন্ত সূচনা
কিলবিল নৃত্য দিঠকৰ
জীৱনৰ গাঁথনিৰ ফাকে ফাকে
বৈ যায়  বিবৰ্ণ বতাহ

দুচকুত জাকে জাকে জোঁট লাগে
মিছা অপেক্ষাৰ অৱসাদ
বন্ধ দুৱাৰ আৰু এবুকু পলস

পিঞ্জৰাবদ্ধ ময়

মাজে মাজে
হৃদয়ৰ মণিকোঠৰ
পোহনীয়া চৰাইটিয়ে
দুভাগ নিশা ৰিঙিয়াই কৈছিল
পাহাৰৰ সিপাৰে
এতিয়া গড়াখহনীয়াৰ বতৰ

ওফন্দি উঠিছে ধৰাৰ বুকু
আহিছে ঢল ফেনে ফূটুকাৰে
শুনিছো শুকুলা মেঘৰ আৰ লৈ
দেও দি ফুৰা বিজুলী
উচ্ছাসৰ আস্ফালন
                
সৃষ্টি হয় অজানিতে আৱেগ
এষাৰ মনৰ কথা
সুৰ হৈ ওলাই আহে
মৌনতাৰ দুৱাৰ দলিত

ধীৰে ধীৰে গতি কৰে  
শূন্য আশাৰে হৃদয়ৰ কাষে কাষে
চিপ চিপ শব্দ আৰূ
ওফণ্ডি উঠা ৱে
অনুভৱ কৰো পিঞ্জৰাবদ্ধ

মোৰ অনুভৱে অনুভৱে জ্বলে

বিচাৰি চাওঁ
দূৰণিৰ বননিত চৰাইৰ
প্ৰাণৰ হিল্লোল
অন্তৰ আকাশ উপচি পৰে
তাৰ প্ৰতিধ্বনিত

জোনাক নিশা
বিচাৰো দূৰ দিগন্ত বিয়পি থকা
তৰাৰ ফুলনি নতুবা
ধুমুহাৰ উতলা সঙ্গীত

অনুভৱ কৰো ফুলনিত বসন্তৰ সুৰভি
চকুত জ্বলে সপোনৰ মায়া
বৈ আহে স্নিগ্ধ ফুলৰ সুবাস
উত্তাল তৰংগ হৈ

মোক লৈ যায়
দোকমোকালিৰ কোমল বতাহে
ৰ’দালিৰ ভাঁজে ভাঁজে
নিজান বনলৈ

এই উজ্জ্বল স্স্পৰ্শই
নিস্তেজ মন উদ্দাম কৰি
উখল মাখল পথাৰৰ
স্তব্ধতা ভাঙে

বননিৰ পৰা উৰি আহিছিল
এটি মুকলি সুৰ
খহি পৰিছিল এটি এটি কৰি
মোৰ দুখ আৰু যন্ত্ৰণা

মোৰ অনুভৱে অনুভৱে জ্বলে
পোহৰৰ অদ্ভুত স্পন্দন
অনুভৱ কৰিছিলো
ডালে ডালে বৈ অহা
পাতৰ সেউজীয়া তৰংগৰ
অপাৰ বিস্ময়

আত্মিয়তা

প্ৰভাতি গীতৰ
আবেগত আন্দোলিত মন

সময় সীমাৰ শেষত
থমকি থমকি
ভাৱনাবোৰে ক্রমান্বয়ে ছায়াঁৰ দৰে
বিশাল শূন্যতাৰ আত্মাত
গঢ়ি তোলে আত্মিয়তা

শূণ্যতাৰ মাজত সৃষ্টি
এটি সংগীত
প্ৰতিফলিত হয় হৃদয়ৰ মাজেৰে

ৰিবৰিব মলয়াৰ মৃদু সুবাসত
উটিভাঁহি ফুৰা আবেগবোৰ গোটখাইছিল
ইন্দ্ৰিয় আৰূ আত্মাৰ মিলন বিন্দুত

এইদৰেই আহে

সন্ধ্যাৰ সিপাৰে
অদৃশ্য হ'ল বেলিটি
গহীন নিশাৰ আন্ধাৰত
কাঁহ পৰি জীন যোৱা  পৰিৱেশ
ভাগৰত সকলো নিমাত
ঢিমিকি ঢামাকৈ  জলি আছে বন্তিগছি


জাগ্ৰত চেতনাৰ সুপ্ত সৈন্যদল
দুৰ্ব্বল প্ৰাণেদি বাগৰি গ
এটি মৃদু কম্পন হৈ

পাৰ হৈ অহা  দিনবোৰৰ
নুবুজা বহুতো আশা
বহুতো সপোন
কেঁচা টোপনিৰ ভিৰৰ মাজত
ছলনাৰ ধেমালিৰে
ৰবাত বাট হেৰুৱায়

এইদৰেই আহে
ৰাতিৰ বতাহত
নাই অতৃপ্তিৰ অশান্তি

জীয়াই থকাৰ আশা

আকাশে-বতাহে দশোদিশে  খলকনি তুলি
উচ্ছ্বাস আনন্দৰ ধ্বনিয়ে তোলপাৰ কৰি তুলিছিল
নিৰ্জ্জীৱ স্পন্দনহীন  দেহাটিত অতীত স্মৃতিৰ মোহজাল তৰি

পাৰে এটি সপোনৰ মায়া নতুবা
শূন্যত বিয়পি পৰা ধুনীয়া জোনাক ৰাতি

এটি  উদাৰ সুৰে আৰু এছাটি  আবেগৰ বতাহে
গভীৰ বেদনাৰ মাজতো মোক লৈ গৈছিল নিচিনা বাটেদি

নতুনত পুৰণিৰ পাতনি মেলি বৈ গৈছিল স্মৃতিৰ নিজৰা
ধীৰে ধীৰে নিজম পৰা ৰাতিৰ আকাশত
কুঁৱলীৰ ৰূপালী ৰিহাৰ আৱৰন গঢ়ি তুলাৰ সমাৰোহ, আয়োজন

সপোনটো অবাধে আহিল আৰু '
এনে এটি স্পৰ্শই  দি থৈ যায় জীয়াই থকাৰ আশা

গুচি যোৱা ৰেলৰ উকি

ভটীয়নী সোঁতত দিখৌয়েদি যোৱা বহু দিন হ'ল
বতাহত লৰি থকা কহুৱা বনৰ দৃশ্য 
আৰু ঢোলৰ চাপৰ কথা 
মাজে মাজে মনত পৰে

জীৱন সংঘাতত ওপজা ফিৰিঙতিত 
সাৰ পালো হঠাতে

অৱচেতন মনত
শুনিলো পাহাৰী নিজৰাৰ ধ্বনি

চকুত জিলিকিল
বিজুলীৰ দৰে বুৰঞ্জীৰ পাতবোৰ

জীয়াই থকাৰ আশাৰ
গাঁথনিৰ ফাকে ফাকে
হঠাতে জিলিকি উঠে
প্ৰাণৰ নিখুঁত অভিনয়

আগ বাহি যায় 
জাকে জাকে জোঁট লগা
সন্ধ্যাৰ  মিছা আয়োজনবোৰ

অপেক্ষাৰ অৱসাদত
সাৰ পাই শুনো মাথোন
গুচি যোৱা ৰেলৰ উকি

প্ৰাণৰ হিল্লোল

শীতৰ পুৱাবেলা
সৰি পৰা শেৱালিত বিচাৰোঁ
কোমল অন্তৰৰ সুবাস

আকাশে বতাহে উপচি পৰা
সেউজীয়া ধৰণীৰ
শব্দ আৰু গান
ফুল আৰু পখিলাৰ
প্ৰাণৰ হিল্লোলৰ কঁপনিয়ে
মোক কৰেহি উন্মনা

সখিয়তী পখীটিৰ কল্লোলত
যেন বিয়পি পৰে
বিৰহী কবিৰ
এফাঁকি কৱিতা