অজানিতে আহি পৰিছে অপমৃত্যু


ইতিহাসে গঢ় দিয়ে মানৱ সভ্যতা
উদ্ভাসিত হয় উজ্বল পোহৰৰ জ্যোতি,
সৃষ্টিকামী মানৱ মন
জাগৰিত হয় প্রাণত হেজাৰ সপোন,
সভ্যতাৰ গৌৰৱময় অতীত ভেটি হৈ পৰে ভবিষ্যতৰ,
সংস্কৃতিৰ বৌদ্ধিক বিপ্লবে সূচনা দিয়ে নবজাগৰণ,
স্বাধীনচেতিয়া মানৱ মন আজি দুবিব ধৰিছে আন্ধাৰত,
চিন্তাৰ পৰিবেশ বিনষ্ট কৰি আবৰি ধৰিছে অজান আকংশাই,
বিপ্লৱ লাগে আজি মানৱক তেজৰ
খুদূৱনি চাৰিওঁদিশে,
অজানিতে আহি পৰিছে অপমৃত্যু সংস্কৃতিৰ সকলো ভেটি ভাঙি


স্বপ্নৰ কি বা ইতিহাস

নিথৰ মূহুৰ্ত সময়ৰ
এটি ক্ষণ হৈ যাব বুৰঞ্জী
চকুত উপচি পৰা ঢ’ল
দিগন্তৰ আকাশত ৰাঙলী আভা
কণ্ঠস্বৰ কঁপিছিল যেন প্রদীপৰ শিখা
বুকুৰ আৰ্তনাদৰ নিৰৱ প্রকাশ
এটি অনিশ্চিত জীৱনৰ আগ জাননী
ভয় আৰু শঙ্কাৰ এন্ধাৰ পৃথিৱী
যৌৱনৰ মেলা হাত
শিৰাই শিৰাই তপ্ত তেজৰ স্পন্দণ
নুবুজা ভাষাৰ ঢৌবোৰৰ
কোনো এক নিজম পৰত
ঘন ছায়াৰ উদভ্রান্ত কল্পনা
নিৰল সন্ধিয়াৰ চিকোণ বুকুত
যৌৱনৰ ৰাংঢালি প্রাণ
প্রেম আৰু প্রণয়ৰ
ছন্দৰ জোৱাৰ
এই মেৰু প্রান্তত
ক্ষণ গনি আছে
স্বপ্নৰ কি বা ইতিহাস ।।

আকাশ ভাগি পৰিল

হঠাৎ বজ্ৰ নিনাদৰ হুংকাৰত
আকাশ ভাগি পৰিল
নীলাভ ৰঙীণ আকাশ
হালধীয়া পাতৰ দৰে সৰি পৰি
বতাহত উৰি ফুৰে
প্ৰেতাত্মাৰ দৰে মায়াৱী ৰূপলৈ
আন্ধাৰৰ ছায়াত গ'ল হেৰাই
দিগন্ততৰ সীমা জানো
ক'ত হেৰাল
অশৰীৰি অনুভৱ
অন্তৰত উগুল থুগুল ভাব
এটি খেলি মেলি বতাহত
কঁপে হৃদয় আন্ধাৰৰ ছায়াত
অগ্নি পুত্ৰ ময়
আলোক যাত্ৰী
সৃষ্টিৰ নৱতম ৰূপ
কাল ৰাত্ৰিক বিনাশ কৰি
শূন্যতাক বুকুৰ সূৰুযেৰে উজলাই
শুভ্ৰ জ্যোতি স্থিৰ কৰি
অনাগত ভৱিষ্যতৰ
নীল আকাশ স্থাপিত কৰি
নিঃশব্দ আৰম্ভনি 
কৰো এটি নতুন দিনৰ

তৃষ্ণাতোৰ জীৱনৰ পিয়াহ


ওঁঠৰ নিৰ্লিপ্ত হাঁহিত
অৰ্থহীন দয়াৰ আশা

কৰুণ বিনণীত
নিঃসংগতাৰ চকুপানী

ৰূক্ষ বতাহত
মৃত্যুৰ বিভিষীকা

লেলিহান শীখাই
ক্ৰমশ গ্ৰাস
কৰিছে মোক

হৃদয়ৰ আশাবোৰ
চূৰ্ণ বিচূৰ্ণ

তৃষ্ণাতোৰ জীৱনৰ পিয়াহ
নদীৰ বালিচৰত

হেৰাই যায়
অপূৰ্ণ আশাবোৰ
লুইতৰ বালিৰ মাজত

ৰঙীন মুহূৰ্তবোৰ

নিৱিৰ ক্ষ্যনবোৰত
পানী যুৱলিত নামি
আঙুলিৰে পানীত টুকুৰিয়াই টুকুৰিয়াই
কল্পনাৰ সাগৰত দুবি
উৰি ফুৰা চঞ্চল মনক
শান্ত কৰা  কল্পনাৰবোৰ
উৰি আহি মনত থিতাপি লৈছিল
জীৱনৰ এই ৰঙীন মুহূৰ্তবোৰৰ
স্মৃতিত হেৰাই যায় নিথৰতা

এটি নিঃশব্দ যন্ত্রনা

এটা আচহুৱা সপোনৰ উন্মাদনত
এক অস্হিৰতাৰ
ধুৱলী কুঁৱলী শীতলতা
তেজত ঢপলিয়াই ফুৰে

অনুভূতিৰ শিলৰ সাকোখনৰ সিপাৰে
চিলমিল টোপনিত দেখিলো
পোহৰৰ ছাঁ

হৃদয়ে অনুভৱ কৰিছিল
আবেগত আবদ্ধ
এটি নিঃশব্দ যন্ত্রনা

হতাশাক চিনি পাঁও

হতাশাক চিনি পাঁও
হিয়াৰ হ্ৰদত
ঢল বাগৰে বেদনাৰ

নিঃসংগতাৰ উদাসীনতাত
আকাশ হৈ পৰে ডাৱৰীয়া

কল্পনা

মনৰ মাজত অনেক কল্পনাৰ
প্ৰতিধ্বনিৰ ঢৌ

কোনো মিল নাই সিহঁতৰ মাজত
তথাপিও জীবন জুড়ি চলে এই কল্পনা

কল্পনা কৰাতো জানো বেয়া
যদি কল্পনা শক্তি নাথাকে
জীৱনক আগুয়াই নিম কেনেকৈ

সৃজনশীলতা আৰু কল্পনা
ইপিঠি সিপিঠি

নীল আকাশৰ মেঘত বহি
যিমানেই কল্পনা নকৰু কিয়
পৰিকল্পনা সঠিক নহলে
সকলো মিছা

অস্থিৰ মনৰ আৱেগ

বসন্তৰ বতাহৰ দৰে
পাৰ হৈ যায়
মোৰ মনত চলা সংঘাট
কেতিয়াবা সপোনত সাৰ পাই উঠোঁ
যেন হিল-দ’ল ভাঙি লৰিছে
ৰাতিৰ নিৰ্জ্জনতা
মোৰ শান্তিৰ
জুৰিটিৰ জিৰজিৰণিত শুনো
হিয়াৰ আৱেগৰ কম্পন
পুৱঁতীৰ নিয়ৰৰ দৰে
বৈ যায় কপাল তিয়াই
অস্থিৰ মনৰ আৱেগ

স্বপ্নৰ সুন্দৰ ভৱিষ্যত্‍

খণ্ড-খণ্ড কৰি তুলি ধৰোঁ
নিটোল দেহৰ সুন্দৰ ভৱিষ্যত্‍

হেৰাল মৃত্যুৰ মলিন ছাঁয়া
গৰ্জি উঠা  প্ৰতিভা আহি পৰিল
তেজৰঙা বুলবুলি হৈ

কলিজাৰ এতিয়া বসন্তকাল
ফুলতকৈ কাঁইটেই ভাল

এন্ধাৰৰ তলাতল মোৰ তেজৰ উজ্জ্বলতাত
উৰণীয়া চৰাইৰ দৰে নিজানে উৰি আহি
মেলি ধৰে বুকুত গুলপীয়া ফুলৰ পাহি

তুলি লওঁ মোৰ তেজৰ শিখাত
স্বপ্নৰ সুন্দৰ ভৱিষ্যত্‍

শব্দ

মোৰ তেজৰ শিখাত স্বপ্নৰ য্ন্ত্ৰণা
যেতিয়াই ভাবো
মোৰ তেজৰ সোঁতত
বাজি উঠে
নিশব্দ শোভাযাত্ৰাৰ ধ্বনি

সপোন দেখিছো
ফুল-আলসুৱা সোণালী হাঁহিৰ
পাৰ হৈ আহিছোঁ বুৰঞ্জীৰ ভয়ংকৰ পৃস্থা
শব্দই দিছে বিশৃংখল জীৱনত শৃংখলতা

শব্দই প্ৰতিষ্ঠা
কৰিছে বিপৰ্যস্ত জীৱনৰ অৰ্থ
আবেকী যুদ্ধৰ প্ৰতিকূল  ক্ষনত
শব্দ মোৰ অভিন্ন সংসাৰ

এই শব্দবোৰ

হাতৰ তলুৱাত লৈ চাওঁ শব্দবোৰ
শব্দৰ সৃষ্টি শব্দবোৰত
নিদাৰুণ অভিজ্ঞতা বুৰঞ্জীৰ

তেজত প্ৰতিবাদ প্ৰেমৰ
প্ৰেম মূৰ্ত গানত

এই শব্দবোৰ জীৱনৰ উত্তাপ
ভাঙি-পিটি গঢ়ি লোৱা শব্দ
অভিজ্ঞতাৰ তেজ লগা শব্দ

একোটা শব্দত তীব্ৰ হৈ উঠে
পৰ্বতৰ কোনো নদীৰ গম্ভীৰ ভাৱ

নতুনকৈ জী উঠাৰ আশাৰে

তৰাং পানীৰ জীৱন
সোঁতে নচুৱাইছিল জী উঠাৰ আশা

অৰ্থহীন সপোনৰ কিৰীলিত
নীলা সুৰ এটা বতাহত ধপলীয়াই ফুৰিছিল
চোতালত বাজিছিল আত্মাৰ বিননি

অন্ধবিশ্বাসৰ প্রাচিৰ পাৰ হব খোজো
তেজত কঢ়িয়াই মাটিৰ গান

দেওঁ দি ফুৰা চঞ্চল চেতনাক শান্ত কৰি
অহংকাৰী ডাৱৰবোৰ আতৰাই
কৈশোৰৰ কোমল আকাশখনি বুকুত সাৱতি 
বিসৰ্জন দিব খুজিছো
তৰাং পানীৰ নৈ খনিত
অন্তৰত ঢপলিয়াই ফুৰা আত্মাৰ বিননিবোৰ

এটি কোমল স্পৰ্শৰ আকুলতাত
আকাশী ফুলবোৰ সৰি পৰিল
নতুনকৈ জী উঠাৰ আশাৰে

বিচ্ছুৰিত বৰ্ণালী-২

জ্ঞান আনন্দৰ বিচ্ছুৰিত বৰ্ণালী  
বিশাল পৰিধি আৰূ বহুতো আশা
গুনমুগ্ধ ৰূপমুগ্ধ মই এই সৃষ্টিৰ 
অনুভৱ কৰো অনুজ আত্মিয়তা ।

বিচ্ছুৰিত বৰ্ণালী-১

শুনিলো দেখিলো বিচ্ছুৰিত বৰ্ণালী
পঢ়িলো লভিলো সন্তুষ্টি অনুপম
নয়নাভিৰাম শোভাময় বিতোপন
প্ৰতীতি বহুল বিচ্ছুৰিত বৰ্ণালী।

শৈশৱৰ স্মৃতি

পথাৰৰ মাজে মাজে
লৰি-ঢাপৰি ,হাঁহি-ধেমালি কৰি
দেহ-মন উজাৰি দি
আত্মতুষ্টিৰ দিগন্তৰেখা ছোই
আনন্দৰ চাকনৈয়াত
দিশহাৰা হোৱা
দিনবোৰৰ কথা মনত পৰিলে
মৰীচিকা খেদি ফুৰা জীৱনৰ
অপ্ৰাপ্তিৰ মুহূৰ্তবোৰত
অসীমৰ নীলিম ৰেখা
জুখিব খোজা মনটোত
বিয়পে জীয়াই থকাৰ সমল
এই মধুৰ স্মৃতিবোৰৰ অনুভৱ
যিমান ৰসাল
হৃদয়ত ৰাখিব পৰা হ'লে...................

হেঁপাহৰ ধুমুহা

মোৰ স্মৃতিৰ মাদকতা সনা
চিনাকি আলিত
স্ফুৰিত এক সোণাৱালী উজ্জ্বলতাই
উৰণীয়া ডাৱৰৰ দৰে
পৰিধি বঢ়াই ঢৌৱাই
ধুই নিয়ে আত্মাৰ শূন্যতাৰ তৃষ্ণা
মোৰ মনৰ স্মৃতিৰ অৰণ্য ছেদি
মন দাপোণত জিলিকি উঠে
এটি সুমধুৰ ঢৌৰ কিৰণ
বৈ যায় বুকুয়েদি
হেঁপাহৰ ধুমুহা

সময়বোৰ জানো ক'ত হেৰাই

দিনবোৰ ধৰি ৰাখিবৰ মন যায়
ক’ব নোৱাৰাকৈয়ে  পাৰ হৈ যায় পলবোৰ
হাত এখন মূৰত থৈ
বাৰাণ্ডাতে বহি এইবোৰেই ভাবি আছিলো
বাহিৰত বহি থকা দেউতালৈ চালো
উপায় নাই
সময় ধৰি ৰাখিবৰো উপায় নাই
নজানাকৈ বৈ যায় কেনিবা
কব নোৱাৰকৈ

মই কি বিচাৰো

মই কি বিচাৰো
দিখৌ-পাৰৰ এই দূবৰিত
শব্দৰ সপোন সাজোঁ
প্ৰতি উশাহত
নাই ধুমুহা
নাই পখীৰ কৰুণ বিননি
আকাশ উপচি জিলিকিছে তৰা
 মোৰ উৰণীয়া আলসুৱা মন
মোৰ প্ৰতিটো চিন্তাত
ভালপোৱা আৰু আনন্দৰ প্ৰাচুৰ্য
এজাক বতাহ আহি বৈ যায়
পাতত লহৰ তোলি
অনুভৱ কৰিছিলো
সোণোৱালী ৰ’দৰ দৰে
মন আৰু মগজুত কৰা আক্ৰমণ
একো নাই মোৰ
ইচ্ছাৰ কোমল আঙুলিৰে
বৈ আহে কবিতা

সুখ আৰু হেঁপাহৰ সীমা

এইমাত্ৰ শেষ হৈ গ’ল
শেষজাক বৰষুণ

হাঁহি হাঁহি চিটিকি পৰিল
সেউজীয়া বননিত
এচেৰেঙা ৰ’দৰ
টলমল উজ্জ্বলতা

বিস্তীৰ্ণ সন্মুখ জুৰি ভৰি গ’ল
অশান্ত প্ৰাণৰ চঞ্চলতা

জুৰিটিৰ জিৰজিৰণিত
ওৰণি ঠেলি উভতি আহিল
অৰুণৰ মিচিকি হাঁহি

মুদ খোৱা চকুযোৰৰ
জড়তা থেলি
মোৰ হৃদয়  আৱেগত কঁপে

সেউজীয়া পৃথিৱীৰ  কোমল কোলাত
উঠলিছে এটি অপূৰ্ব আৱেগ

এই সীমাহীন তৰঙ্গ ৰাশিত
প্ৰাণে বিচাৰি নেপায়
সুখ আৰু হেঁপাহৰ সীমা

এক অচিন মায়া

ধুনীয়া জোনাক ৰাতি
সেউজীয়া বননিৰ
কঁপি থকা পোহৰৰ ৰেখা
আৰু
বতাহত কঁপি উঠা বননিত
ডাল পাতৰ মৃদু হিল্লোলত
ভাহি যোৱা তান

আপোন সুৰত বাজি  থাকে
এটি আৱেগৰ তৰঙ্গ হৈ

প্ৰকৃতিয়ে এইযে ৰচিছে গান
পাতৰ আঁৰৰ ৰাগিণীত

চিকমিক তলি নেদেখা
নিজৰাৰ দৰে
বিয়পি আছে দূৰ-দূৰণিলৈ

বৈ যোৱা
সৌন্দৰ্য্যৰ পূৰ্ণ ৰাগত
অজানিতে হৃদয় তলিত জ্বলে
এক অচিন মায়া

বিশ্বাসৰ নতুন স্বপ্ন

সন্ধিয়া দেখা
বুঢ়া লুইতৰ বুকুত
জিলিকি উঠা ৰূপালী ৰেখা

সোঁত তৰংগত
মতলীয়া হৈ উঠাঁ শুভ্ৰ ৰূপালী
পূৰ্ণিমাৰ জোন

সৃষ্টিৰ অভিনৱ স্বৰ্গপুৰী
বুঢ়া লুইতৰ বুকুতো উঠে
জিলমিল প্ৰেমৰ ঢৌ

সন্ধ্যাৰ সিপাৰে
যদিওঁ উটি ফুৰে
জীৱনৰ কঠিন নিষ্ঠুৰ বাতৰি

এই দিব্য জেউতিয়ে
অন্তৰত সিঁচি থৈ যায়
আশাৰ আশীৰ্ব্বাদ আৰু
বিশ্বাসৰ নতুন স্বপ্ন

আশা

এৰি থৈ গুচি যোৱা
ধাননিত গজিল
কাঁইটীয়া বন

যুগ যুগ ধৰি
এইদৰে শেষ হ’ল
ক’ত সেউজীয়া ধাননি

বালিৰ বতাহে জানো পাহাৰ গঢ়ে
তেজি ঘোঁৰা| বসন্তৰ বতাহৰ দৰে

সপোনত সাৰ পাই
হিল-দ’ল ভাঙি
চকুত চমকি উঠিছে
আন্ধাৰৰ হাহাকাৰ

শীতৰ শেষত পূব প্ৰান্তত
নীলিম আকাশৰ
চাঞ্চল্যৰ মৃদু স্পন্দন

জীৱন-সৃষ্টিৰ নতুন উল্লাস
তাৰ মাজে মাজে
ইপিনে সিপিনে
জলে ৰূপালী জ্যোতিৰ শিখা

নৈ জান, জুৰিত
জিল জিল কৰে
বাস্তৱৰ প্ৰতিকৃতি

মাটিৰ মানুহ
অন্তৰৰ আঁহে আঁহে
নতুন সৃষ্টিৰ ভাব

তপত নিশ্বাসত
নতুন জগত গঢ়াৰ উল্লাস
তল পৰি যায়
বাস্তৱৰ মৰীচিকাময় আন্ধাৰ

এই ৰহস্যৰ আত্ম-বিস্মৃতিত পৰি
চাই থাকোঁ  আশা লৈ


আত্মা হৈ পৰে বিমুগ্ধ

স্মৃতি জীৱনৰ বুৰঞ্জী
মন আৰু কল্পনাৰ গান
হেৰাই যায় সময় তৰংগত

অতীত, বত্তৰ্মান আৰু অনাগত ভৱিষ্যতৰ
কল্পনাৰ যাত্ৰা  নিজা সুৰেৰে
বৈ থাকে আপোন দিশত

এই আশা হঠাতে নিবিড় হৈ আহে
ৰাতিৰ এন্ধাৰবোৰত

সোণালী ৰ’দৰ উজ্জ্বলতাত
ছন্দ ভঙা স্বপ্ন
জাগি উঠে প্ৰাণচাঞ্চল্যৰে

শিহৰণ জাগে  অঙ্গে অঙ্গে
পলৰীয়া মনত প্ৰতি নিশ্বাসত
অনুভৱ হয় এক বিচিত্ৰ ছন্দ

এক নিবিড় আকৰ্ষণ
এই আলিঙ্গনৰ উত্তাপত

জীৱনৰ সময়বোৰ
বৈ যায় অনন্যা ৰূপ লৈ
জীৱন্ত এই অগ্নিশিখাৰ পোহৰত

যাত্ৰাৰ অন্তিম বিন্দু

উৰণীয়া ডাৱৰৰ দৰে
এনি তেনি বগাই ফুৰিছে
সৃষ্টিশীল  মোৰ মন

যাত্ৰাৰ জ্যামিতিক বিন্দুত
জীৱনৰ সূচনা কৰি
পালো মই এটা দিশ

আকাশৰ বিজুলীৰ ৰেখা চাই
পাতনি মেলিলো বুৰঞ্জীৰ

অনুৰ্ব্বৰা জীৱনত
হঠাতে জিলিকি উঠিল
জীয়াই থকাৰ আৰু জীয়াই ৰখাৰ
নিখুঁত অভিনয়

কল্পনাৰ অগ্ৰদূত
সময়ৰ বিবৰ্ণ বতাহ

শুনিলো মাথোন
দুৰন্ত কামনাৰ
জোঁট লগা বাঁহীৰ তান

যদিও নিজান
তাত জিলিকে ছঁয়াময়া
সৌন্দৰ্য্যৰ মাধুৰী

হেঁপাহেৰে মেলি দিলো নাওখনি
বতাহত কাণ পাতি

কোনে বাধা দিব
যাওক উটি যেনি তেনি সোঁতৰ লগত
যাত্ৰাৰ অন্তিম বিন্দু বিচাৰি