গলি যোৱা নাই এতিয়াও

দোকমোকালিতে নিয়ঁৰত তিতা হিয়াখনি
এটি অকোৱা পকোৱা বাটত
এঙামুৰি দি অপেক্ষা কৰি আছিল

সেই বাটেৰে কিছু ৰঙীণ সপোন
ঠিকনা বিহীন হৈ
আজিও অহা যোৱা কৰে

এইযে স্নিগ্ধতা বুকুৰ মাজৰ
গলি যোৱা নাই এতিয়াও
যান্ত্রিকতাৰ চক্ৰবেহুত পৰি

অব্যক্ত সুৰত বাজিল ৰাগিণী

হে বিশাল লুইত
তোমাৰ অন্তৰত গঁথা
টলমল যৌৱনৰ সুকোমল পৰশত
অন্তৰত বাগৰিল ঢৌ

শুকুলা ছবি আঁকি
কবিতাৰ ছন্দে ছন্দে
আৱেগেৰে ভৰা উচ্ছ্বাস
বৈ যায় আকাশে বতাহে

প্ৰাণৰ তৃষ্ণাই আকুল কৰিলে মন
অব্যক্ত সুৰত বাজিল ৰাগিণী
মিলন-গীতিকা গাই

অন্তৰ খহাই বৈ যায়

সেউজীয়া বননিত চিটিকি জলি
ভৰি পৰে এচেৰেঙা ৰ’দ
হাঁহি হাঁহি বিয়পি পৰিল উজ্জ্বলতা

অলস মন্থৰ দেহত
প্ৰাণপাই উঠিল এটি উদ্বাউল ভাৱ
প্ৰতীক্ষা-বিহ্বল মনৰ স্তৰে স্তৰে
বিয়পি যায় নতুনত্বৰ সুৰভি

ব্যাকুল অন্তৰত কাহানিও নিনাদিত
কিছুমান শব্দৰ খলকনি উঠে
অন্তৰ খহাই বৈ যায়
উন্মুক্ত বাঁহীৰ এটি তান

এই জীৱন-তৰঙ্গ

বসন্তৰ  আগজাননিত
পুষ্পিতা ধৰণীত
কল্লোলিত বিহঙ্গৰ ধ্বনি
হিয়াত  বাজি  উঠিল
মিলন  আনন্দৰ গান
সুদূৰ প্ৰান্তত  দেখা একা-বেঁকা
নীল আকাশ আৰু ধৰণীৰ মিলনৰ ৰেখা
যেন এটি আৱেগৰ চুম্বন
হূদয় উতলা
বুকুত সঘনে কঁপিছে
মিলন-সঙ্গীতৰ দুৰন্ত বাসনা
প্ৰকৃতিৰ  অপূৰ্ব্ব সৃজন
এই জীৱন-তৰঙ্গ
এটি  যেন সঙ্গীতৰ ধ্বনি

মই আছিলো নীৰৱ দৰ্শক

ফুটাব নোৱাৰো যদিও
কঁপি উঠে দুটি ওঁঠ  
আবেগত দুগালেদি বাগৰি যায়
দুটোপাল চকুলো
   
বিষাদৰৰ ডাৱৰে আৱৰা জীৱন
আশা নিৰাশাৰ মাজত
অনন্ত আকাশত
পৰ্ব্বত সমান ঢৌ উঠে

দুবাহু মেলি কৰা আলিঙ্গনে
সুখ-দুখ সকলো সামৰি
হৃদয় আৰু মগজুত
বহু কথাই  লৈ আহে

সামৰ্থ্য নাই
তথাপিও  চেষ্টা কৰো
মোৰ বৌদ্ধিক শক্তিৰ সত্তাৰে

 কিন্তু সকলো অনুভৱ
অতিক্ৰম কৰা  সম্ভৱপৰ নহয়
মই আছিলো নীৰৱ দৰ্শক
কান্দিছিল  হৃদয়ে

সত্যৰ অনুসন্ধানত
শূন্য নীল আকাশৰপৰা
যেন এচপৰা ডাৱৰে
মাতিছিল মোক
অনন্ত নীল আকাশলৈ

সৰা পাতৰ গুণগুণনিৰ মাজেৰে

প্ৰকৃতিৰ উমাল সান্নিধ্যৰ  বিনন্দীয়া ৰূপত মন্ত্ৰ মুগ্ধ হৈ
যান্ত্ৰিকতাৰ পৰা সাময়িকভাৱে সকাহ পোৱাৰ আশাৰে
গতি কৰিলো উদ্দেশ্য বিহীনভাৱে
সন্মুখত বিশাল কাৰ্বি পাহাৰ
হাবি বননিৰে আবৰা লুংলুঙীয়া বাট এটিৰে আগবাঢ়ি গ'লো

গছৰ পাতবোৰৰ পৰা
নিয়ঁৰকণাৰ টোপালবোৰ টপটপককৈ সৰিছে
এটি পাহাৰীয়া জুৰি বৈ গৈছে কাষেৰে
 যেন কোনো নিপুণ শিল্পীয়ে গঢ়া ছবি

শান্ত নিজৰাটিৰ পানীত এটি তালৰ উৎফুল্লিত প্ৰতিধ্বনি
ডুব যাওঁ এই উত্তাল তৰংগৰ গভীৰতাত
অনুভৱৰ আহ্বানত উঠলি উঠা
স্বচ্ছতাৰ সুৰ এটাই টানি নিয়ে মোক
হাঁহি আৰু সপোনৰ বাট দেখুৱাই
সৰা পাতৰ গুণগুণনিৰ মাজেৰে

ঠিকনা হেৰুৱাৰ সময়

এনেকৈয়ে আহে এজাক বৰষুন
দীর্ঘ বিৰতিৰ অন্তত
সৰাপাতৰ সতে লুকাচুৰি খেলি

আকলুৱা মন , এটি ভাৱ
সংগোপনে  সোমাই আহি
ঠিকনা হেৰুৱাই
ৰৈ আছেহি পদূলিত

শিমলুৰ ৰঙা ৰঙে
লৈ আহে ফাগুন
লৈ আহে মোৰ বাবে
উদভ্ৰান্ত হৈ পৰাৰ আবেগ

ৰঙা ৰঙা ফুলবোৰত
মই বিচাৰি পাওঁ হঠাতে
কলিজাত গুনগুনাই থকা
আন এটা নাম  প্ৰেম

মোৰো তেনে অভিজ্ঞতা নোহোৱা নহয়
পৰিতৃপ্তিৰ স্মৰণীয় মুহূৰ্ত এটিৰ
উমান পাইছিলো

হূদয়ৰ দৃষ্টিভংগীয়ে অন্য ৰূপ ল’লে
হাঁহি হাঁহি ইংগিত দিলে
ঠিকনা হেৰুৱাৰ সময়
এই ফাগুনত

ধুলিৰ পাহাৰৰ মাজেৰে

শেষবাৰৰ বাবে  তেওঁক কেতিয়া দেখিছিলো  মনত নপৰে
সোঁৱৰণীৰ ওপৰত ধুলিৰ পাহাৰ
বাহনিডৰাৰ সিপাৰে  পথাৰত ঢপলিয়াই ফুৰা ল’ৰালিকাল
আৰু ৰামধেনু দেখি কিৰিলি পৰা মন আজি আৰু নাই
যি পথাৰত আমি একেলগে খেলিছিলো
সেই পথাৰো হয়তো আজি নাই
ধুলিৰ পাহাৰৰ  মাজেৰে
কোনোবাফালে সুৰুঙা পাই
মনলৈ আহিছিল এই ভাৱবোৰ
পুৰণী ছবিৰ দৰে
ফাগুন আহিলে মনটো এইদৰে ৰাইজাই কৰে
শিমলু ফুলা বতৰত কলিজা ফালি চকুলো নিগৰে
শেষবাৰৰ বাবে  তেওঁক কেতিয়া দেখিছিলো  মনত নপৰে

ৰূপ-তৃষ্ণা চিৰসুন্দৰৰ

ঘূৰি ঘূৰি আহিছে উভতি
জন্মৰ অলেখ স্মৃতি
হেঙুলী আঁচল মেলি

সেউজী প্ৰকৃতিৰ শ্যামল কোলাত
পৰ্ব্বতীয়া জুৰিটিৰ জিৰজিৰণিত
ফুটি উঠা তৰঙ্গ ৰাশি
বুকৰ হেঁপাহৰ  সৌন্দৰ্য্য-তৃষ্ণা

পুৱঁতী নিয়ৰত জিলিকি
ওৰণি ঠেলি অৰুণে মিচিকি হাঁহে
পখীজাক মিলি যায় দিগন্তত

গছে-পাতে পৰি আছে
ৰূপ-তৃষ্ণা চিৰসুন্দৰৰ
মানুহৰ হেঁপাহৰ সুখ আৰু আশা

খহি পৰিল মাটিত কবিতাৰ ছন্দ

এটি চঞ্চল  চমক
হিয়াত বাগৰে
সপোনৰ বিজুলী

হে জীৱন
গঢ়িছো মনতে
স্বপ্নৰ জাল ৰচি
তামৰঙী এখনি আকাশ

তাতো কিছো ৰোমাঞ্চ্ আছে

নদীৰ ঢল  পথাৰত বাগৰে
দূৰণিৰ  গাঁওখনলৈ
মোক দিছে

মোৰ মন আৰু কল্পনাৰ
সকলো চুৰমাৰ কৰি
পৃথিৱী ঢৌৱাই বাৰিষা নামে
গুজৰি-গুমৰি
 দশোদিশে  খলকনি তুলি

আনন্দ উচ্ছ্বাসৰ কলৰোল
সকলো দিলে লালকাল
বিচিত্ৰ কাহিনী
খহি পৰিল মাটিত
কবিতাৰ ছন্দ

এটি হুমুনিয়া

ভাল পাওঁ মই উৰণীয়া ডাৱৰ
নিজম পৰত খন্তেক থমকি  ৰৈ
চাই ভাল পাওঁ
ফুলা মদাৰৰ  ৰঙা ৰং

সন্মুখত চক্ৰ বেহু
ৰিহা-আঁচলৰ ৰমক-জমক          
ডেও দি উঠিছে  চমকি চমকি
একোকে নমনা  আন্ধাৰ
বতাহত ভাহি  যায়
এটি হুমুনিয়া

কঁহুৱাৰ আঁৰে আঁৰে

লুইতৰ বুকুত নাৱৰ টিঙত বহি
কঁহুৱাৰ আঁৰে আঁৰে
বিছাৰি ফুৰো
কোন গাভৰুৱে বৈছিল
এনে পাটৰ ৰিহাৰ আঁচল
বতাহত হালিজালি
কঁহুৱা বনৰ আঁৰত লুকাই
বৈছে লুইত ফেনে-ফোটোকাৰে
খিল খিল হাঁহি আৰু চঞ্চল গতি
বিৰিণাৰ মাজে মাজে
ভোক পিয়াহ পাহৰি
তাকে চাই থাকো
গমেই নেপালো কেতিয়ানো
পূৰ্ণিমাৰ জোন ওলাল

এক নৈসৰ্গিক বিস্ময়

পুৱাৰ সূৰ্য্যৰ ৰশ্মিৰ প্ৰতিফলনত
নিয়ৰৰ টোপালবোৰত
সৃষ্টি হীৰা সদৃশ চিকমিকনি
নিয়ৰৰ অনন্য অন্তৰ্নিহিত সত্তাৰ পৰিচয়
নিয়ৰে জানে নিজস্ব এই স্বকীয়তাৰ কথা
হয়তো ই এক প্ৰকৃতিৰ স্বকীয় বিস্ময়
সূৰ্য্যৰ নিজস্ব এই সত্তাৰ অভাৱত
নিয়ৰৰ এই শক্তিক বুজি
জী উঠে নতুন ৰূপ লৈ
হৈ এক নৈসৰ্গিক বিস্ময়

কি এই অভিলাষ

জুৰ মলয়াৰ
উষ্ণ আৱেগৰ উত্তাপত
ৰোমাঞ্চিত মনৰ অনুভৱ

এইযে চেতনা
মোৰ সত্তাত
ভাঁহি যায় মুক্তিৰ আনন্দ

সৰ্পিল পাকৰ
অবাৰিত তাৰ গতি

সৌন্দৰ্য্যৰ এই সমাহাৰ
অবুজ  তাৰ ভাষা
স্বপ্ন অৰণ্যত গলিত হৃদয়


গছে-পাতে আছে
প্ৰকৃতিৰূপত লেখা
বৈ যোৱা সুৰ
আহিছো উভতি বাৰে বাৰে

শুনো  বৈ যোৱা  সুৰ
কোনোৱা যুগৰ
ওৰণি ঠেলি মিচিকি হাঁহি
ভুমুকি মাৰেহি হেঙুলী আঁচল মেলি

প্ৰকৃতিৰ ৰূপহী বনত
দূৰণিৰ পখীজাকৰ কল্লোলিত ধ্বনি
মিলি যায় দিগন্তত

মিলি যাব খোজে অন্তৰ
অসীমৰ অচিন বাটত

ভাঁহি উঠে স্মৃতিত
প্ৰকৃতিৰ সেউজীয়া জেউতি

হৃদয়ৰ তৰঙ্গ ৰাশিৰ
কি এই অভিলাষ
যাৰ এই সীমাহীন গতি

বসন্তৰ কোমল স্পৰ্শ

অনুভৱ কৰো
বসন্তৰ  কোমল স্পৰ্শত
বাৰিষাৰ ৰামধেনুৰ
ৰঙৰ মায়াজাল

এইযে অনুভৱ
প্ৰেম আৰু সত্যৰ
পোহৰ-দীপ্ত হদয়ত
গাথোঁ সোনালী কাৰেঙ

বাসনাৰ লক্ষ ঢৌ
দূৰ দিগন্ত  বিয়পি থকা
নীলা তৰংগৰ
এটি উতলা সঙ্গীত

দীপ্ত আভাৰে হদয়ত জ্বলে
চেতনাৰ প্ৰদীপ শিখা
কাঢ়ি লৈ যায়
ক্ৰৰ স্পৰ্শৰ দুখ বেদনা

সন্ধিয়াৰ ৰাও

ধীৰে ধীৰে ডুব গ'ল
ৰঙত বিভোৰ গধূলিৰ বেলি

দিহা-দিহি গ’ল
কল্লোলিত পক্ষীৰ জাক বিল এৰি

লুইতৰ পাৰে পাৰে নাৱৰীয়াৰ নাওবোৰ
সোঁতৰ চেৱে চেৱে নাচে

আকাশ আৰু দিগন্তৰ মিলন বিন্দুত
আন্ধাৰে দেখুৱালে নিশাৰ আভাস

শঙ্খ ঘণ্টা ডবা কাঁহৰ ধ্বনিত
গাঁৱৰ নামঘৰে বিয়পালে সন্ধিয়াৰ ৰাও

জীৱন আৰু ভৱিষ্যৎ

নজনা নুবুজাকৈ চিঞৰি উঠিছিলো
খেলিমেলি হৈ গ'ল পূৰ্ব পৰিকল্পিত আঁচনি
জীৱন আৰু ভৱিষ্যৎ
সফলতাৰ সংজ্ঞাবদ্ধ  প্ৰতিশ্ৰুতি
সুৰীয়া গীতৰ ঝংকাৰ
সময়ৰ সোঁতত  নিজ লক্ষ্য লৈ
উটি ভাঁহি যায় সাগৰ বিছাৰি

মোৰ সপোনৰ কাঞ্চনজংঘা







মোৰ সপোনৰ কাঞ্চনজংঘা
ৰৈ আছো মই সূৰ্য্যোদয়ৰ আশা
ৰ’দালিৰ ৰিহাৰ আঁচল আহিব বতাহত উৰি
সন্মূখত কাঞ্চনজংঘাৰ সুবিশাল জিলমিল ৰূপৰেখা

বৈ আহিব একাবেকা ৰেখাৰে
নিৰৱতা ভাঙি  স্বচ্ছ নিজৰা
এটা নতুন দিনৰ  সূৰ্য্যোদয়ে লৈ আহিব
যৌৱনৰ দুৰন্ত গতি

সন্মূখত সুবিশাল কাঞ্চনজংঘা
সূৰুযক আৱাহন কৰাৰ আশাৰে ৰৈ আছো
কাঞ্চনজংঘাৰ বিশালতাৰ অনুপ্ৰেৰণা লৈ
মোৰ সৃষ্টি, মোৰ সাহসিতাৰ প্ৰতিক কাঞ্চনজংঘা

আকাশ বিয়পাই বগাই আহিব সূৰুয
সেই কাঞ্চনজংঘাক সুপ্ৰতিষ্ঠিত কৰি
ৰৈ আছো মই সূৰ্য্যোদয়ৰ আশা
সন্মূখত সুবিশাল কাঞ্চনজংঘা

চিত্ৰলেখা হৈ আঁকিছে বতাহত

ফুলৰ সতে কথা পাতি পখিলাজনীয়ে
ভোমোৰাক কৈ যায় তাইৰ আকুলতাৰ কথা
সৰাপাতৰ সংগীতৰ সুৰৰ তালে তালে
এপাহি এপাহি কৈ ফুলৰ সুৰভি লৈ
বতাহত বিয়পাইছে ৰূপকোঁৱৰৰ ছবি
চিত্ৰলেখা হৈ আঁকিছে বতাহত
উষা অনিৰুদ্ধৰ মিলন ৰেখা

আজিও সাৰে আছো

সময়বোৰ আছিল
বাৰিষাৰ ঢল পাৰ হৈ অহা
সাঁচি থোৱা ইতিহাস

নদীয়ে সোঁত সলালে
সকলোবোৰ আজি অতীত

অনুভৱ কৰিছোঁ
বিশৃংখল হৈ পৰিছে
এই ইতিহাসৰ পৃষ্ঠাবোৰ

মোৰ সত্ত্বা, স্বপ্নবোৰ
জীয়াই ৰখাৰ তাড়নাতে
আজিও সাৰে আছো
নতুনকৈ সজাম বুলি

ফাগুণ

তুমি এনে কি কথা কৈছিলা
তোমাৰ মাতত পলাল তৃষা
ৰূপালী জোনাকত
অন্তৰ খহাই বৈ যায়
নতুন নতুন আশা

কাৰ পৰশত ওৰণি গুচাই
সপোনত বিভোৰ হৈ
মাৰিলা হাঁহি

স্বপ্নৰ জাল ৰচি
গগন-চুম্বী নন্দন সাজি
উগুল থুগুল অন্তৰত
লগালা জুই

মেঘ মুক্ত নীলাকাশৰ তলত
তোমাৰ পৰশত বিৰহী প্ৰাণ
ফাগুণৰ বতাহৰ
চেৱে চেৱে নাচে

এইদৰে শেষ হয়

সোঁতৰ চেৱে চেৱে
ফেনিল উত্তাল তৰঙ্গ ৰাজি
পাৰ ভাঙি আহে

ডিঙিলৈকে ডুব গৈ
ভাহি ফুৰে তৰঙ্গত
ৰাতিৰ এন্ধাৰবোৰ

জোঁট লগা জীৱনৰ
পূবালি বতাহে
কাণে কাণে কৈ যায়
শেষ হ’ল বসন্ত

এটোপাল অশ্ৰুৰ কণা
চকুত জিলিকি
বাট হেৰুৱাই
মাটিত সৰি পৰে

এইদৰে শেষ হয়
বহুতো সপোন
বাৰিষাৰ ৰাতি

দুঃস্বপ্নকো স্বপ্নৰ মৰ্য্যাদা লাগে

অন্তৰ খহাই বৈ যোৱা
কিছুমান শব্দৰ
বিষাক্ত মাদকতাত
দুচকুত নামিছে অন্ধকাৰ

আলোক বঞ্চিত
এই স্বপ্নই দিলেহি
উদগ্ৰ বাসনা ধ্বংসৰ

দুঃস্বপ্নকো স্বপ্নৰ মৰ্য্যাদা লাগে

আহিছিল ভাঙি-ছিঙি
আঁহতৰ খোৰোঙাৰে
ফুটছাঁইৰ দ’লেৰে
সমাধি সাজি

অনুভৱৰ বিচিত্ৰ ছন্দ

সপোন সাজি
চেনেহেৰে বোৱা
ফুলাম বিহুৱান

সোণালী বৰ্ণালিৰ
স্বপ্ন গঢ়াৰ উদ্মাদনাত
অনুভৱৰ বিচিত্ৰ ছন্দ

জাগি উঠে প্ৰাণচাঞ্চল্য
কল্পনাৰ মজিয়াত

এইযে উত্তাপৰ আলিঙ্গন

ৰহস্যময় কুঁৱলীৰ
স্বপ্ন ভঙা উদ্মাদনাত
শিহৰণ জাগে প্ৰতি অঙ্গে অঙ্গে
প্ৰতি নিশ্বাসত নাচি উঠে মন

বিচিত্ৰ জীৱন-নদীৰ মোহনাত
এইযে উত্তাপৰ আলিঙ্গন
বিচিত্ৰ তাৰ  ছন্দ

জীৱন্ত অগ্নিশিখাৰ পোহৰত
বিমুগ্ধ আত্মাৰ
নৈ:শব্দ সুৰৰ ধ্বনি
হেজাৰ পখিৰ স’তে

প্ৰেমৰ প্ৰস্তাৱ

বুকুখন কঁপি উঠিছিল
মোৰ বাবে শ্বাস ৰূদ্ধকৰ
মনত অজান আশংকা

তথাপিও মনটো দৃঢ় কৰিলো
আজি যিকোনো প্ৰকাৰে
প্ৰপ`জ কৰিবই লাগিব

সপোনৰ মায়াজাল

প্ৰভাতি সূৰূযৰ মৃদু পৰশত  
পখীৰ গীতত
সপোনৰ মায়াজাল

অনুভব কৰিলো
প্রকৃতিৰ শান্তশীতল গভীৰতাত
আবহমান এটি ভালপোৱা