জী উঠিল প্ৰাণ

সময়ৰ সতে যুঁজি যুঁজি
ভাগৰি পৰা মন আৰু শৰীৰ
ঢৌৰ সোঁতত উটি ভাহি
মৃত্যুৰ দুৱাৰ ডলি গছকি উভতি আহিল
তোমাৰ চকুৰ নৈসৰ্গিক উজ্জ্বলতাত
জীয়াই থকাৰ নতুন প্ৰেৰণা পাই
জী উঠিল প্ৰাণ নতুন আশাৰে

এগছি মাটিৰ চাকি

মানুহৰ বিবেকি সত্তা
এগছি মাটিৰ চাকি
কিমানেইবা তাৰ শক্তি
জীৱনৰ বিষাদ কেতিয়াবা
নিচেই ওচৰ চাপি আহে
অন্ধকাৰত বাজি উঠে  ঘণ্টাৰ ধ্বনি
ম্লান পৰে মনৰ উৎসাহ
গাঢ় অন্ধকাৰত বন্দি মনৰ
একমাত্ৰ সংগী এই  মাটিৰ চাকি গছি
মনক উৎসাহিত কৰি
জ্বলি উঠে মহা সূৰ্য্যৰ দৰে

মাজে মাজে মনতো জোকাৰি যায়

ৰিনিকি ৰিনিকি প্ৰতিধ্বনিত হৈ
কিছুমান কিশোৰৰ খিলখিলিয়া হাঁহি কাণত বাজিল
লাহে লাহে এখনি পথাৰ চকুৰ আগত ভাহি উঠিল
বোকা পানীৰে চিনিব নোৱাৰা এজাক কিশোৰ
এটা বলৰ পিছে পিছে দৌৰি ফুৰিছে
এয়াই নেকি শৈশৱ যি এক বাধাহীন আনন্দৰ জোৱাৰ
বাৰিষাৰ বতৰত মতলীয়া হোৱাৰ বয়স
মুক্ত আনন্দত প্ৰকৃতিৰ কোলাত আত্মহাৰা হৈ
বৰষুণ আৰু বোকাপানীত মিলি একাকাৰ হোৱাৰ সময়
স্মৃতিৰ অভ্যন্তৰত সাজ কাটি যোৱা
জীৱনৰ এনেকোৱা কিছুমান ৰঙীন মুহূৰ্তই
মাজে মাজে মনতো জোকাৰি যায়
হৃদয়ৰ কোণে কোণে অনুকম্পিত তেজৰ সোঁতত
আকৌ যেন হেৰোৱা শৈশৱ
তেজি ঘোৰা হৈ উভতি আহে