ৰ'দালিৰ ভাঁজে ভাঁজে

সময়ৰ তন্ময়তা ভাঙি
ৰ'দালিৰ ভাঁজে ভাঁজে
উখল মাখল আকাশত
চলিছে উত্সৱ

মোৰ অনুভৱত
বৈ আহে এটি ঘনিষ্ঠ উত্তাপ
বুকুত জ্বলে প্ৰেমৰ গুণগুণ

মোৰ দুখ, মোৰ বেদনা
এই ঘনিষ্ঠ উত্তাপত
সৰি পৰে এটি এটিকৈ

বিয়পি পৰা
উখল মাখল আকাশৰ
অপাৰ বিস্ময়ত
দেখিছো সপোন

উৰণীয়া চৰাইৰ কলকলনিৰ দৰে
এটি সুৰ
নিজানে ভাহি যায়
বুকুৰ ভিতৰে-বাহিৰে

শান্তিৰ আশাত

মৌনতাৰ বুকু ভেদি  
বৈ আহে
প্ৰবল ধুমুহা-গাজনি

হৃদয়ত অশান্তময় পৰিৱেশ
ভাবিছিলো আহিব
নতুন আশাৰ  বাতৰি

সাঁচি থোৱা মৌনতা
এতিয়া হাবাথুৰি খাইছে
শান্তিৰ আশাত

অভিনৱ সোতঁ

বিশাল চাপৰিত
জাকে জাকে গজি উঠা
ঝাওবনবোৰত
পৰিভ্ৰমী চৰাইজাকৰ
প্ৰাণোচ্ছল কলকলনি
উৎসৱৰ মাদকতাৰে ভৰা

পশ্চিম দিগন্তত
বুৰ যাও যাও গধূলিৰ বেলি

প্ৰেম আৰু আত্মীয়তাৰ
বৈ থকা এটি নিৰৱচিন্ন
অভিনৱ সোতঁ

তেজৰঙী বেলিটো
থৰক বৰক খোজেৰে
এটি বিষাদ গধূৰ মনলৈ
গৈ থাকে নিঃসংগতাৰ আন্ধাৰলৈ

শব্দহীন সপোনবোৰ
উবুৰিখাই পৰেহি দুৱাৰডলিত

মগজুত থিতাপিলৈ
বগুৱা বাই ফুৰে
গানৰ কলি হৈ

গুনগুনাই গুনগুনাই
আৱৰি ধৰি
আৰম্ভ কৰে প্ৰাণোচ্ছল অভিনয়

নিস্তব্ধতা

নিস্তব্ধতাবোৰত বিয়পি পৰা
পাৰাপাৰহীন চিন্তাবোৰে
নিমিষতে অধিকাৰ কৰি পেলাই
সমগ্ৰ সত্তা

মনত খেলিমেলি লগাই
কৰে বীভৎস কোলাহল
কঁপি উঠে গাৰ নোমবোৰ

ছিন্ন-ভিন্ন কৰি পেলাই
বুকুত সাৱটি থকা আশাবোৰ

আনন্দবোৰো উশাহ নেপাই
দৌৰি গতি কৰে
আলেঙে আলেঙে নামি অহা
বিষাদবোৰ চাই

অন্য এখন সাগৰৰ ঢৌ

বাটবোৰ অন্তৰ পৰাই আৰম্ভনী
জটিল অন্য এক পৃথিৱীৰ
পথ বিচাৰি
আন্ধাৰে ঢকা বিশ্বাসটো থিৰ কৰি লৈ
খেদি খেদি বিচাৰি ফুৰিছিলোঁ
অন্য এখন সাগৰৰ ঢৌ

কজলা মেঘে চানি ধৰা
অসাৰ অসাৰ লগা ভাৱ এটাৰ পৰা
নিজকে আতঁৰাই
বাহিৰলৈ উলাই যোৱাৰ বাট বিচাৰিলোঁ
বুকুত এজাক পোহৰৰ বিশ্বাস