শান্ত আছিলো মই






















শান্ত আছিলো মই
মৃদু মলয়াৰ দৰে,
মতলীয়া কৰিলে মোক
ফাগুণৰ বতাহে

কিয় জানো মনে আজি
একোকে নেমানে

উৰণীয়া পখীলি হৈ
মন মোৰ উৰি ফুৰে

হৃদয় আজি মোৰ
দুৰু দুৰু কঁপে

কোনোবাই যেন
বাৰে বাৰে ৰিঙিয়াই মাতে,
শিলত থেকা খাই
প্ৰতিধ্বণী উঠে

সপোণত কোনে জানো
গীত গাই আমনি কৰে

শান্ত আছিলো মই
মৃদু মলয়াৰ দৰে ।

অতীতৰ দিনবোৰ












পাৰা পাৰহীন সপোন
বুকুত বান্ধি
আহিছিলো তাহানিতে
প্ৰশান্তি বিচাৰি সুখৰ ।
সপোন সুখৰ ৰ'দ কাচলীত বহি
বহু কথা পাতিছিলো মনৰ ।
শৈশৱ কৈশোৰ যৌৱন
কেনি জানো পাৰ হৈ গ'ল
ৰিনিকি ৰিনিকি মনত পৰে
অতীতৰ দিনবোৰ । 

এই স্পৰ্শৰ আমেজ








জীৱনৰ সেউজীয়া অৰণ্যখনিলৈ
গলি এটাইদি আগুৱাইছিলো
চিনাকি যদিও
অচিনাকি হৈ পৰিছিল আলিটো

প্ৰাচিন কামিজোৰত হাত বোলাই
পূৰণি কথাবোৰ মনত পেলাবলৈ চেষ্টা কৰিছিলো

শুকান পাতত খৰমৰাই
টুকুৰা টুকুৰ স্মৃতিবোৰ
আকৌ যেন নিজে নিজে লগ লাগি
শামুক এটা বগোৱাদি
বুকুৰ মাজৰ শেলুৱৈ লগা চোতালখনত
বগাই ফুৰিছিল

অনুভৱ কৰিব খুজিছিলো
মোৰ সমগ্ৰ শৰীৰত বিয়পি পৰা
এই স্পৰ্শৰ আমেজ

আউলি বাউলী হৈ উৰি ফুৰা
কুৱলীৰ ঢৌবোৰ পাতত জিৰণীলৈ
গছৰ লাহী পাতবোৰ কঁপাই
টোপ টোপকৈ সৰি পৰিছিল

সেউজীয়া শীতৰ
এই চমত্কাৰ মূহুৰ্ত্তত
দুখবোৰ যেন চকখাই পলাইছিল
মই সোমাই পৰিছিলো অৰণ্যৰ গহিনতাত

স্মৃতিৰ বৰপেৰাত সাঁচি থোৱা
দুখ কান্দোনৰ টুকুৰাবোৰ
গলি গলি
নিয়ৰৰ টোপালবোৰৰ লগত তাল মিলাই
লাহে লাহে হেৰাই গৈছিল