চিগা ভগা ফেনিল ঢৌবোৰ




















অস্থিৰ মনত
বাধাহীন উৰ্ম্মিমালাৰ
প্রতিটো লহৰত
কঁপি কঁপি উঠিছিল
জীৱন গতিৰ ঢৌ

ফেনিল পানীৰ নিৰৱ ঢৌবোৰে
দিক্‌হাৰা ধৰ্ষিতা হৃদয়ত সিঁচিছিল 
আলোৰিত প্রাণৰ 
ধাৰাষাৰ ঢলৰ ভাৱৰ শীতলতা

চিগা ভগা ফেনিল ঢৌবোৰ
চাকনৈয়াৰ মেৰপাকৰ পৰা মুক্ত হৈ
আঘাতপ্ৰাপ্ত এমুঠী জিয়া আবেগ লৈ
মাৰ যোৱা ঢৌত
উপচি পৰিছিল চৌদিশে
এই নিস্তব্ধতাই 
মনত সিঁচি দিছিল 
এক আৱেগিক অনুভূতি

নৈৰ যুঁৱলিত আৱদ্ধ
মনৰ অনুভূতিবোৰে
মৌনতাৰ নিস্তব্ধতাত
ভাৱত সৃষ্টি কৰিছিল খেলিমেলি

অন্তৰৰ আঁহে আঁহে
বাৰে বাৰে উকি মাৰি
নিগৰি বৈ অহা আৱেগবোৰ 
জাহ গৈছিল বুকুত
নিথঁৰ চেঁচা হৈ 

এটি ঘনিষ্ঠ উত্তাপৰ সন্ধানত













নীৰলে অপেক্ষা কৰি
কিয় জানো আজি
ভাৱ সাগৰত ডুবগৈ
অনুভৱ কৰিব বিচাৰিছো
কুৱলীৰে  আৱৰা
কৈশোৰৰ কুহুমীয়া বেলিটো

এটি ঘনিষ্ঠ উত্তাপৰ সন্ধানত
হৃদয়ৰ অনুভূতিৰ স্পন্দন
খামুচি ধৰি স্মৃতিৰ জোনাকত
ঢপলিয়াই ফুৰো

বিদ্যুতৰ এটি স্ফুলিংগ
উৰি ফুৰি
লৈ আহে এটি 
চিনাকি ঢৌৰ কঁপনি

এক অবুজ বন্যাই
মনটো উটুৱাই লৈ যায়
অজান দিশলৈ

হৃদয়ৰ আৱৰণ খুলিলে
স্মৃতিৰ জোনাকীবোৰে
আৱৰী ধৰেহি
সোঁৱৰণিৰ পদুলি মুখত

অন্তৰৰ আঁহে আঁহে
চিনাকি অচিনাকি কুঁৱলীসনা
এৰি অহা কথাবোৰে
মোলৈ তধা লাগি চায়

জীৱনৰ বাটে বাটে
এই আৱৰণ খুলিলে 
হৃদয় জুৰায়

উগুল ঠুগুল নিস্তেজ মনত
এজাক বতাহ আহি 
যেনি তেনি বগাই ফুৰি
মনটো সতেজ কৰি তুলে

নৃত্য-ছন্দত মনত উক দিয়া আবেগৰ ধোঁৱাবোৰ











নৃত্য-ছন্দত মনত উক দিয়া 
আবেগৰ ধোঁৱাবোৰে
থিতাপি লৈছিল হৃদয়ত

ঠন ধৰি উঠা
উপলব্দ্ধিৰ এই গুণগুণনি
হৈ পৰিছিল এক জাগ্রত শক্তি

ৰহস্যময় এই ধোঁৱাৰ
নৈশব্দ অনুভূতিত
আশাৰ এক সানমিহলি ৰং
মন দপোনত বিৰিঙি উঠিছিল

বুকুত বাজি উঠা সুৰ
আৰতিৰ ধ্বনি হৈ
বিয়পি  গৈছিল
আনন্দৰ জোৱাৰ হৈ

লক্ষ ঢৌৰ খেলিমেলি













জীৱনে খোজ লয়
অনুভূতিৰ পম খেদি

বিবেকী যুদ্ধত
ফুটি উঠে অস্থিৰতা

খোজে পতি কঁপি উঠা
উগুল-থুগুল অন্তৰত জাগি উঠে ব্যগ্ৰতা

কিয় এই 
লক্ষ ঢৌ মন সাগৰত

নিঃশব্দে কল্পনাৰ ছবিত উপঙি থাকি 
অনুভৱবোৰত বাৰিষাৰ ঢৌ খেলাই

ধীৰে ধীৰে মাৰ যায়













শেষ পোহৰে হাঁহি হাঁহি
ঢালি দিয়ে পশ্চিমৰ আকাশত
জিলমিল সপোনৰ ৰং

মৌন অন্ধকাৰ  সাৱতি
পাত-সৰা গছবোৰ
আন্ধাৰৰ আঁচলত হেৰাই
তল পৰে জীৱনৰ উল্লাস

নিমাত-নিটাল এন্ধাৰৰ কোলাত
ধীৰে ধীৰে মাৰ যায়
সূৰ্য্যস্নাত ঘৰ্মাক্ত দেহৰ
দৈনন্দিন সৃষ্টিৰ চেতনা

সোঁৱৰণিয়ে ৰিঙিয়াই












অস্ত বেলিয়ে সীমা পাৰ হৈ
পাহাৰ বগাই নামি অহা
আকাশক ৰঙাকৈ আঁকিলে্

এন্ধাৰ সাবটি 
নিশাৰ সপোন যাচি 
মাগিলে বিদায় 

পাহাৰ তলিত
ভৈয়ামৰে সীমাত
সেমেকা  গধুলি
সোঁৱৰণিয়ে ৰিঙিয়াই 

নাজানিলো আকাশে কিয়
উলাহেৰে ডাৱৰক সাবটিলে

ৰিণিকি ৰিণিকি
দূৰণিত শুনো
মৌন নিশাৰ
পখীয়ে গীত গায়

অনুভৱৰ চলনা













স্মৃতিয়ে লুকা ভাকু খেলি
আলোৰিত ধাৰাষাৰ ধলেৰে 
নিৰৱতাৰ দৃৱাৰ সৰকি
বুকুত সিঁচিছিল 
এটি সুৰৰ উত্তপ্ত ৰাগিণী

ভেটা ভাঙি ঢৌবোৰ
তেজৰ সোঁতত বিয়পি পৰিছিল
কল্লোলিত তৰংগ হৈ

মন দিক্‌হাৰা হৈ
ধাপলি মেলিছিল
স্মৃতিৰ পম খেদি

এমুঠী জিয়া আবেগ
সন্ধ্যাৰ আৰতিত 
বুকুত সঘনে কঁপিছিল

উপচি পৰা ভাবৰ উন্মাদনাত
চিকিমিকি সপোনৰ ধল বোৱাই
হিয়াত বাজিছিল
সঙ্গীতৰ অশান্ত ঢৌ

আলফুলকৈ বাঢ়ি অহা
অনুভৱৰ এই চলনা
নিঃশব্দে চলিছিল 
হৃদয়ৰ স্তৰে স্তৰে 

অবাধে কাঢ়ি লৈ যায় হৃদয়













জোনাকৰ আবেশত প্ৰাণ পাই উঠে
এটা চাঞ্চল্যৰ মৃদু স্পন্দন

উল্লাসত উপচি পৰা লুইতৰ ঢৌত
চিকিমিকি কৰে সপোনৰ ৰিহা

প্ৰাণত ভাবৰ উন্মাদনাই ধল বোৱাই
বাজি উঠে হিয়াত সঙ্গীতৰ অশান্ত ঢৌ

আকাশচুম্বি এক আকাংক্ষা
কম্পিত হৃদয়ত ধাবমান হৈ আকাশ চুব খোজে

এই মায়াৰ জালত পৰি টলমল কৰে মনৰ ভাৱ
ধাপলী মেলি গুছি যায় বিস্ময়ৰ লুংলুঙীয়া বাটেৰে

শীতল জোনাকৰ মাদকতা ভৰা পৰশত
সোঁৱৰণিত বাজি উঠে নূপুৰৰ ধ্বনি

বিচিত্ৰ অনুভৱৰ এই সুবাস
হৃদয়ৰ স্তৰে স্তৰে  ভাহি মনটোক লৈ যায় চলনা কৰি

নিঃশব্দ নিজান এই জোনাক ৰাতি
বুকুত চলা কহুৱাৰ কম্পনৰ ঢৌ আলফুলকৈ বাঢ়ি আহি
অবাধে কাঢ়ি লৈ যায় হৃদয় 

সন্ধান এচমকা পোহৰৰ ৰশ্মি











ককবকাই ঢাপলি মেলিছিল
শূণ্যতাৰ আন্ধাৰলৈ নিঃস্ব হৃদয়
উচুপী উঠিছিল নিৰৱে
অতল গহ্বৰত ডুবি

পোৱা নোপোৱাৰ দুমুজাত পৰি
নিৰুদ্দেশ হৈ পৰিছিল পৰিচয়

খেলিমেলি মনৰ মাজত
দুখ আৰু আঘাতৰ
বৈছিল এখনি বোৱতী নৈ

নিস্তব্ধ নিশাৰ জিলমিলনিত
সজল চাৱনিৰে মন আত্মাই  
সন্ধান কৰিছিল
এচমকা পোহৰৰ ৰশ্মি

আত্মানুসন্ধানৰ পথত
জীৱন যুদ্ধত জীয়াই থকাৰ
ক্ষণ গনি নিৰৱে কঁপিছিল 
হেৰাই যাব খোজা
জীয়াই থকাৰ তীব্র হেঁপাহ

জীৱন সুৰৰ মূৰ্চনা













অবুজ ভাষাৰ 
জীৱন সুৰৰ মূৰ্চনাই
নি:শব্দ উপত্যকাৰ কোলাত
অনুভূতিক বোৱাই নিয়ে

কোলাহল ভৰা সময়বোৰ 
শীতল হৈ ৰয়
আকাশৰ নীলা প্ৰেৰণাত 

পথাৰৰ চিনাকি মাটিৰ গোন্ধই 
মনটোত জগাই তোলে প্রশান্তি
সিঁচি দিয়ে মনত 
এটি সপোনৰ মধুময় ছন্দ

তেজৰ স্পন্দনত
সুৰ তুলি সিঁচি যায় 
জীয়াই থকাৰ সুৰভি

নিজান সন্ধিয়া 
জোনাকীৰ মায়া ভৰা  নৃত্যই
হৃদয়ত সিঁচি যায়
ৰূপালী স্পৰ্শৰ উত্তাপ

আউল লগা জোতপোত মনৰ ভাৱ
এই গহীন পৰিবেশত
মুকলি হৈ লহৰিত হয়
এক বোজাব নোৱাৰা গুণগুণনীৰে

বতাহত লৰি থকা 
বিৰিনাৰ নৃত্যত
অন্তৰত আবদ্ধ আবেগ
বতাহত পমি যায়
গীতৰ কলি হৈ 

সেমেকা শীতল বতাহ চাটিয়ে
মনৰ কোণে কোণে ঢৌ তুলি
টানি নিয়ে মোক
স্নেহ ভৰা বাটেৰে

প্ৰকৃতিৰ প্ৰতিটো শব্দত
ফুটি উঠা শুভ্ৰ কোমল সুৰভিত
তন্ময়তাৰ চকু যায় দূৰ দূৰণিলৈ

সমগ্ৰ শৰীৰ বিয়পি
বুকুলৈ উজাই আহে
চমত্কাৰ এটি অনুভৱ

প্ৰকৃতিৰ এই শান্ত শীতল অনুভৱত
নিগৰি বৈ আহে
বুকুত সাঁচি ৰখা হেঁপাহবোৰ
মৃদু মলয়াৰ তালে তালে

এটি সংঘাতৰ খেলিমেলিত মন













মৌনতাৰ আৰ লৈ
নিৰৱ হৃদয়ে
সহ্য কৰিছিল
এটি সংঘাতৰ খেলিমেলি

হৃদয়ত ঢৌ তুলা
ভাৱৰ চাকনৈয়াত পৰি 
ক্ষণিকৰ কাৰনে বিচাৰিছিলো 
উন্মুক্ত আকাশত জীৱনৰ হেৰুৱা ৰং

বুকুৰ কোলাহলত
দিশহাৰা হৈ বুৰ যাও 
এনে মৌন ক্ষণবোৰত

ওফন্দি উঠা আবেগৰ বোৱতী বানত
স্মৃতিৰ ঢৌবোৰ ভাহি যায় নিৰৱে 

অবুজন মনে
আৱেগৰ অকোৱা পকোৱা বাটত
ঠিকনা হেৰুৱাই
নিঃশব্দে অপেক্ষা কৰে

নুবুজা এই সময়ত
মনে প্ৰাণে প্ৰৱাহিত
পিয়াসি মনৰ স্পন্দন
বৰষা হৈ নামে

এটা চাঞ্চল্যৰ মৃদু স্পন্দন













আজি থমকি ৰ'লো হঠাতে
মই অনুভৱ কৰিছিলো 
এটা চাঞ্চল্যৰ মৃদু স্পন্দনে
চুচুক চামাককৈ আহি মনত কঁপনি তুলিছে

মন প্ৰভাৱিত কৰি নামি আহিছিল এজাক অবতৰীয়া বৰষুণ
এনে জটিল মুহূৰ্তবোৰত
অন্তৰৰ পৰা বৈ অহা অনুভূতিবোৰে মোৰ মনটোক লৈ চলনা কৰে

মনত জাগি উঠা দোমোজাত
জীৱনৰ কঠিন  বাটৰ সংঘাটৰ চাকনৈয়াবোৰে
মোৰ তপত নিশ্বাসত কঁপনি তুলে

অতীতৰ স্মৰণ আৰু ভৱিষ্যতৰ শংকাই
অৱচেতন মনত মাজে মাজে পাক-ঘূৰনি খায়

আকাশৰ গভীৰতালৈ চাই
জীৱনৰ সংঘাটৰ কিছু অনুভৱ বুটলি লৈ বিচাৰোঁ 
কিছু আনন্দ আৰু কিছু বিষাদ

অলপ অভিমান আৰু কিছু আৱেগ
সংমিলিত হয় এটি বিন্দুত
হৃদয়ৰ স্তৰে স্তৰে  বাজি উঠে নতুনকৈ জী উঠাৰ আশা

এই অপূৰ্ব্ব সৃষ্টিৰ চেতনা













সূৰুযৰ ৰশ্মিৰে প্ৰতিফলিত 
সেউজীয়া পাতৰ বুকুত
খেলি যায় এটি স্পন্দন
এটি আকৰ্ষণ

বতাহৰ গতিত সূষ্টি
উত্তাল তৰঙ্গৰ ঢৌয়ে
সপোনৰ মায়াজাল ৰচি
শৰীৰৰ প্ৰতিটো বিন্দুত
নিঃশব্দে বোৱাই
অনুভূতিৰ এক নিৰ্ম্মল আবেশ

আত্মহাৰা হৈ
এই অপূৰ্ব্ব সৃষ্টিৰ চেতনাত
অনুভৱ কৰোঁ 
জীৱনৰ সজীৱতা

মনৰ ৰূদ্ধ দুৱাৰ ভাঙি 
বুকুয়েদি বৈ যায 
বনৰীয়া সুবাসৰ সুগন্ধ 

মোৰ সমগ্র শৰীৰত
অপূৰ্ব্ব উদ্মাদনাৰ শিহঁৰণ জাগে
আকাশে বতাহে বৈ থকা
সুৰ সমলয়ৰ এই স্পন্দনত
প্রাণ পাই উঠে
জীৱন সংগীত

নিজকে বিচাৰি ফুৰাৰ হাবিয়াস













স্মৃতিবোৰে কোলাহল কৰে
নৈৰ ধিৰ গতিত ভটিয়াই যোৱা 
আন্দোলিত ঢৌৰ তালত

ঠিকনাবিহীন কিছু অনুভৱ
বৈ যায় আঁহে আঁহে 

নিজকে বিচাৰি ফুৰাৰ এই হাবিয়াসে 
জৰতা ভাঙে নি:সংগ দীঘলীয়া সময়বোৰৰ

কোনো অজান প্রেয়সীক লগ পোৱাৰ আশাৰে
তৰো পালতৰা নাও ভাৱ সাগৰত ডুব গৈ

উদুলি মুদুলি আকুল হৃদয়












মেঘালিৰ বুকুত ঢৌ খেলি
চিকমিকনি উঠে ডাৱৰত

বন্দনাৰে মুখৰিত 
আকাশৰ নীলা প্ৰেৰণাত 
পৃথিবীৰ বুকুলৈ নামি আহে
ধাৰাষাৰ বৰষুণ 

নাচি উঠে মন 
স্বপ্নৰ মায়াজাল ৰচি
সিঁচি দিয়ে বুকুত 
আনন্দৰ ঢৌ 

উখল মাখল হৃদয়ত 
অহৰহ বাজে
এক বোজাব নোৱাৰা গুণগুণনী

জীয়াই থকাৰ
এক উৰ্দ্ধগামী শিখাই
বুকুত জোৱাৰ আনি
আলোৰন কৰে
অস্থিৰ হৈ পৰে মন

উদুলি মুদুলি আকুল হৃদয় 
নিসংগতাৰ ফাকে ফাকে 
এখুজি দুখুজিকৈ উজাই 

এজাক উৰুঙা বতাহৰ খলক













মোক উন্মনা কৰি
এজাক উৰুঙা  বতাহে
ঢৌৰ খলক লগাই
তোলপাৰ কৰিছিল

সমাগত দিনবোৰৰ কথা ভাবি
সৃষ্টি হৈছি্ল হৃদয়ত 
অন্তহীন ঢৌ

মনৰ ভিতৰত বৈ যোৱা
অশান্ত বতাহ ছাটিয়ে 
বৰ্ষাৰ সংকেত লৈ
ধুমুহাৰ এটি স্বপ্ন জাল ৰচি
কল্পনাৰ মজিয়াত উন্মত্ত হৈ
আৱেগত খলকনি তুলিছিল

অন্ধ কুঁৱলীৰ ছায়াঁত আবদ্ধ হৈ থকা
মনৰ অতল তলিৰ অনুভৱবোৰে
তধা লাগি চাই অনিশ্চয়তাৰে
তোলপাৰ লগাই 
উপচি বোৱাই নিছিল
বিস্ময়েৰে ভৰা আৱেগক