ভেটা ভাঙি অহা ঢৌবোৰ




















ভেটা ভাঙি ঢৌবোৰ
যেতিয়া কোবাল গতিত আহে
দিক্‌হাৰা হৃদয়ত উপচি পৰে
উন্মাদ চঞ্চলতা

আলোৰিত ধাৰাষাৰ ধলৰ 
গৰ্জনত কঁপি উঠে প্রাণ 

আঘাতপ্ৰাপ্ত উদ্বাউল মনত 
ভৰি পৰে শূণ্যতা

বুকুৰে নিগৰি বৈ আহে
নিথঁৰ চেঁচা সোঁত

বুকুৰ আশাবোৰৰ
ভগ্ন খণ্ডবোৰে
ককবকাই খেপিয়াই ফুৰে
জীৱন নদীৰ পাৰ

‎বুকু ভঙা বেদনাৰ 
ক্রমবৰ্দ্ধমান যান্ত্রনাত
থানবান হৃদয়ত
ভৰি পৰে ক্লান্তিৰ ছায়া

চক্রবেহুৰ মেৰপাকত বন্দি জীৱন

জীৱনৰ অকোৱা পকোৱা বাটত
ঠিকনা বিহীন হৈ যান্ত্রিকতাৰ চক্ৰবেহুত পৰি
অলস মন্থৰ দেহত বিয়পি যায় 
কিছুমান শব্দৰ কলকলনি

আশা নিৰাশাৰ মাজত দুবাহু মেলি 
সুখ-দুখৰ চঞ্চল চমক
হিয়াত বাগৰে

হে জীৱন
স্বপ্নৰ জাল ৰচি
গুজৰি-গুমৰি দশোদিশে খলকনি তুলি কৰা যাত্ৰাৰ
সীমাহীন গতিৰ
দূৰ দিগন্ত  বিয়পি থকা জীৱন অভিধানৰ  
বিচিত্ৰ কাহিনীৰ এইযে চেতনা
তাতো কিছো ৰোমাঞ্চ্ আছে

অবুজ মাদকতাৰ স্বকীয় উপলব্ধিৰ
জীৱনে খোজ লয় খলা বমা পথেৰে

এই অস্তিত্বৰ জিলমিল ৰূপৰেখাই
বুকুত ৰচে বিচিত্ৰ সুৰ
খলা-বমা পথবোৰত চমকি ৰৈ
জগাই উষ্ণ আমেজ 

এক অনুভূতিৰ সাথঁৰ
শৰীৰৰ প্ৰতিটো বিন্দুত উপচি পৰে

চক্রবেহুৰ মেৰপাকত বন্দি
জীয়াই থকাৰ উদ্দেশ্য
অকোৱা পকোৱা বাটৰ
এটি যেন সুসম্পূৰ্ণ সমাহাৰ

অন্ধকাৰ ভৱিষ্যৎ












উচূপী উঠিছে
সেমেকা পথাৰ

মনত জাগিছে
এটি ভাষাহীন  
অচিনাকী অনুভৱ

হৃদয় অস্থিৰ 
বাট হেৰুৱাই
উমি উমি জ্বলে 
অন্ধকাৰ ভৱিষ্যৎ

সেই দুখ কঢ়িয়াই
ৰৈ আছো ময় নিৰলে

খহি পৰা সপোনৰ
কাতৰ বিননিত
হিয়া ভাঙি নিগৰি আহে
দুখৰ চকুলো

নিৰাশাত নিৰৱ হৈ
পাৰ কৰো সময়

তৰপা তৰপকৈ 
চেঁচা হৈ 
জমি যোৱা ক্ষণবোৰত
মনত বয় অনিশ্চয়তাৰ ধাৰা

ৰঙবিহীন পথৰ 
এই অনুভূতিয়ে লৈ আহে
উৰুঙা উৰুঙা লগা
এটি অৱসাদ

অৱচেতন মনত ওপজা ফিৰিঙতিবোৰ

অন্তৰৰ পৰা বৈ অহা
স্বতঃস্ফূৰ্ত অনুভূতি 
এটি পাহাৰীয়া নিজৰাৰ দৰে
শব্দৰ ৰূপ ল
আৱেগৰ তাগিদাত

ভাৱৰ এই বুৰবুৰণিৰবোৰ 
মন আৰু আত্মাৰ 
উপলব্ধি প্ৰকাশৰ তৰঙ্গ

অবাধে খহি 
অস্থিৰ মনৰ ধুমুহাক
শান্ত কৰি আগুৱাই
জীৱন গাঁথনিৰ ফাকে ফাকে

অৱচেতন মনত ওপজা ফিৰিঙতিবোৰে
সোঁৱৰণিৰ পদুলিত সিঁচি যায়
অনন্য এক অনুভূতিৰ আবেশ

অজুব সুৰৰ বুৰবুৰণি












সৰাপাতৰ গুনগুননিৰ মাজেৰে 
থমকি থমকি 
কেতেকীৰ ভাগি অহা কণ্ঠত
হিয়াত বাজি উঠে  
চাঞ্চল্যৰ এটি মৃদু স্পন্দন

চুচুক চামাককৈ এজাক বতাহে
আৱেগৰ ধল বোৱাই  
হৃদয়ত ধালি দিয়ে 
উতলা বিচিত্ৰ নীৰৱ ৰাগিণী

মনৰ অশান্ত ঢৌৰ উৰ্মীমালা
বতাহৰ আচলত ধৰি
ধাবমান হয়

মায়াৰ ফান্দত পৰি 
বৈ যায় হৃদয়ৰ স্তৰে স্তৰে
উগুল থুগুল এটি নুবুজা ৰাগ

এই অজুব সুৰৰ বুৰবুৰণি
বুকুত নিঃশব্দে বগাই ফুৰি
এৰি থৈ যায়
কিছু আনন্দ আৰু কিছু বিষাদ

এক নতুন পোহৰৰ অনুভৱেৰে

জোনাক নিশা
অবুজ মন ঢাপলি মেলে
আকাশৰ বুকুলৈ

সন্ধিয়াৰ আকাশৰ
স্নিগ্ধ সৰল সন্মিলিত সুৰৰ
এনে মূহূৰ্তবোৰত
মোৰ শৰীৰত ফুতি উঠে
এক সজীৱতা

নীৰৱতা ভেদি
অনুভৱবোৰে পাহি মেলে
দোলা দি থকা
সেমেকা বতাহজাকত

কিছু অনুভৱ উজাই আহে
এন্ধাৰৰ নিমজ দেৱাল সৰকি
হৃদয়ৰ কোঠালীবোৰলৈ

এক নতুন পোহৰৰ অনুভৱেৰে
সজীৱ হৈ উঠে নীৰৱে থকা 
স্মৃতিৰ মিঠা সুৰবোৰ

মনৰ স্পন্দিত তৰংগৰ ধুমুহা বা-মাৰলি











স্মৃতিৰ তেজ ৰঙা পৃষ্ঠাবোৰে       
মাজে মাজে মনত কঁপনি তুলে

তোলপাৰ কৰে
হৃদয়ৰ ভগ্ন খণ্ডবোৰে

আকাশ নিনাদি
আজুৰি জ্বলে
উত্তাল আকাংক্ষাবোৰ

দিকহাৰা হৈ সপোনবোৰে
খেপিয়াই বিচাৰি ফুৰে
বিচূৰ্ণ ৰমক্ জমক খণ্ডবোৰ

মনৰ কোঠালীবোৰত বয়
বা-মাৰলীৰ সোঁত

বুকুৰ আশাবোৰৰ  
হুলস্থুলীয়া কল্লোলত
মন উৰি যায় 
দিগন্তলৈ হাত মেলি

দুচকুৰ পাহি
আগুৰি ধৰে
আকাশ ওফন্দি পৰা
অন্তহীন ধুমুহাৰ ডাৱৰে 

স্পন্দিত তৰংগৰ ধুমুহা বা-মাৰলিত
এনে মূহূৰ্তবোৰে
ভাৱনাত কঁপনি তুলে

মনত ভাহি উঠে
এক অজান অনুভতি
নীৰৱতা ভেদি
তেজৰ সোঁতত বয়
এন্ধাৰৰ নৃত্যৰ চলনা

ভিজা ৰাতিৰ ছন্দে ছন্দে

চৌদিশে ভাহি থকা
স্মৃতিৰ ঢৌবোৰ
থমকি ৰয় জোনাক নিশা

হৃদয় বাৰে বাৰে ওভতে
সোঁৱৰণিৰ দুৱাৰ দলিত
উজুটি খাই

মায়াত পৰি
ভিজা ৰাতিৰ ছন্দে ছন্দে
উন্মনা আৱেগে সাৱতে
তেজত ৰৈ যোৱা হাবিয়াসবোৰ

নিজানে অবুজ মন ঢাপলি মেলে
সপোনে গুনগুনাই মতা দিশলৈ

মন হেৰাই ক্ষনিকতে


















সুখ দুখৰ সীমা এৰি
উটুৱাই দিছিলো মন
তামস আকাশৰ স্তব্ধতা ভাঙি 

থমকি থমকি
মৌনতাৰ আৰ লৈ
বুকুয়েদি বৈছিল
মুক্ত বতাহৰ অনুভৱ

নৈপৰীয়া বতাহত
বুকুত সিঁচৰিত আশাবোৰ
বৈ যায় দূৰ-দূৰণিলৈ

ঢৌ খেলা বিৰিণাৰ
আত্মতৃপ্তিৰ অভিনৱ মাদকতাত
মন হেৰাই ক্ষনিকতে

সজীৱ আৱেদনৰ মধুৰ অনুভূতিৰ
মায়াত পৰি 
উন্মনা হৈ পৰে হৃদয়

বুকুত উবুৰি খাই পৰা হেঁপাহবোৰ
লহৰিত হৈ একাকাৰ হয়
ৰিণিকি ৰিণিকি শুনা বাঁহীৰ সুৰত

সন্ধিয়াৰ ওৰণিৰ আৰে আৰে
নিৰৱে মাৰ যায়
অবুজ মায়াৰে ভৰা
দোমোজাত পৰা হৃদয়ৰ ভাৱবোৰ

ঢৌৰ খোজে খোজে
















অস্থিৰতাত মন জ্বলে
চটিয়াই সিঁচি যায় বুকুৰ বিশৃংখল তাড়নাবোৰ

অবুজন হৃদয়ে জুমি চাই দেখে
ভাঙি গুড়ি হোৱা আবেগবোৰ

উফন্দি উঠা ঢৌৰ চাকনৈয়াত
নৈপৰীয়া কহুৱাই থমকি ৰৈ
মিলি যাব খুজে বতাহত

পলে পলে বিয়পি পৰা
এমুঠী জিয়া আবেগে পথভ্ৰস্থ হৈ 
ভিৰ কৰে মনৰ আশে পাশে 

বুকুৰ বান্ধ ভাগি 
আবেগবোৰ অনুৰণিত হৈ নিঃশব্দে আগবাঢ়ে
ঢৌৰ খোজে খোজে