হাঁহিৰ অবুজ ভাষা

তোমাৰ মুখৰ সোণালী হাঁহিৰ
অবুজ ভাষাৰ
আলসুৱা এটি ঢৌ
লক্ষভ্ৰস্ত হৈ বৈ আহে 
মোৰ অনুভৱত 

সুগন্ধি শেৱালীৰ 
উৰুৱাই অনা সুৱাসৰ
এছাটি পচোৱাই
শান্তশীতল মন
অস্থিৰ কৰি তোলে

এই অনুভৱত
বাট হেৰুয়াই
উশাহ লও
পূৱাৰ চেঁচা বতাহজাকত

মোৰ দুখ, মোৰ আনন্দ
কঁপি উঠে
এছাটি বতাহৰ মৃদু চাকনৈয়াত

জৰজৰকৈ খহি পৰে
হৃদয় চোতালত 
এটি ন-উচ্ছাসৰ অনুভূতি

সোঁৱৰণিৰ বিচ্ছুৰিত 
মিঠা পলবোৰৰ 
অজান উপলব্ধিবোৰ
আহৰিত কৰিবলৈ
আপ্ৰাণ চেষ্টা কৰো 
দুহাত মেলি দি