গধূলীৰ ক্ষীণ পোহৰৰ আৰে আৰে














সময়বোৰ পাৰ হয়
অনুভৱ আৱেগৰ মাজেৰে 
অনাগত ভৱিষ্যতৰ দিশত

মনত দেওঁ দি ফুৰা 
ভাৱৰ চাঞ্চল্যৰ চলনাত
অতীতক জোকাৰি পেলোৱাৰ
হাবিয়াস জাগে

এক বিচিত্ৰ ছন্দৰ
জীৱন্ত হৈ উঠা শিহৰণ 
হেঁপাহেৰে আগবাঢ়ে

জীৱন-মৃত্যুৰ 
দুই পৰিসীমাৰ মাজত
হঠাতে নিবিড় হৈ উঠে
কিছুমান মুহূৰ্ত

সোঁতৰ চেৱে চেৱে
জোৱাৰ ভাটাৰ 
উঠা নমা ঢৌত
ভাহি ফুৰে 
চিনাকি অচিনাকি ভাৱৰ ছবি

তাৰ সুৰৰ লহৰে লহৰে
অনুভৱ কৰো 
দুৰন্ত গতিৰে ধাবমান সময়ৰ
ফেনিল উত্তাল
প্ৰতিধ্বনিৰ কোলাহল

অনুভৱ হয়
জীৱনৰ সময়বোৰ
উৰণীয়া ডাৱৰৰ দৰেই
পাৰ হৈ যায় লুকাভাকু খেলি খেলি

গধূলীৰ ক্ষীণ পোহৰৰ আৰে আৰে
এই অনুভূতিবোৰে
আঁক বাক কৰি যায় মনত

অন্ধকাৰত ডুব যাব খোজা
বেলিটোৰ শেষ পোহৰত
মগজুত উদ্ভৱ হোৱা
এই চেতনাৰ 
অজানিত খুদূৱনিত পৰি
চাই ৰওঁ
নিৰল সন্ধিয়াৰ
দিগন্তৰ আকাশত বিৰিঙি উঠা
শেষ ৰাঙলী আভা