উত্তাল তৰংগৰ ভাঁজে ভাঁজে














দূৰণিত শুনো
বননিৰ চৰাইৰ প্ৰাণৰ হিল্লোল
তাৰ প্ৰতিধ্বনিয়ে
মোক লৈ যায়
নিজান বনলৈ

ডালে পাতে বৈ অহা
এটি মুকলি সুৰৰ
বিস্ময় তৰংগৰ উজ্জ্বল স্স্পৰ্শই
খেলা কৰিছিল মোৰ অনুভৱত

মৃদু বতাহত 
ৰ’দালিৰ ভাঁজে ভাঁজে
সেউজীয়া পাতৰ নৃত্যৰ মাদকতাত
খহি পৰিছিল মোৰ দুখ আৰু যন্ত্ৰণা

পাতে পাতে ঘহা
সুৰীয়া শব্দৰ ৰিমঝিম ঝংকাৰত
হৃদয়ত জ্বলিছিল স্পন্দিত শিখা
আতৰি গৈছিল মনৰ শূন্যতা

নিঃশব্দ এই মায়াবী সপোনৰ শিহৰণে
সঁচা এমুঠী অনুভৱ লৈ
সিঁচিছিল জীৱন স্পন্দনৰ
উথলি উঠা নৃত্যৰ মাদকতা

উগুল থুগুল অন্তৰত
হৃদয়ৰ আবেগবোৰ
এটি এটিকৈ নামি আহিছিল
এই উত্তাল তৰংগৰ ভাঁজে ভাঁজে