মনৰ ভাৱ হেৰাই জীৱন পথত



বিসংগতিৰ জোঁট-পোঁটত 
ভাৰসাম্য হেৰুয়াই
পৰ্বতৰ পৰা ওফন্দি বাগৰি 
বৈ আহে জলধাৰা

গতিপথ এৰি  সিঁচৰিত হৈ 
সৃষ্টি কৰে সহস্ৰ নিজৰা

নিজ অস্তিত্ব হেৰুয়াই
মিলি যায় নদীৰ
বিশালতাৰ লগত

মনত মাজত তেনেদৰে
জোঁট-পোঁট লগা
আবেগৰ অনুভূতিবোৰে
প্ৰতিধ্বনিৰ সৃষ্টি কৰে

মনৰ ভাৱবোৰো সময়ৰ গতিত
নিজ অস্তিত্ব হেৰুয়াই
মিলি যায়
জীৱনৰ অন্তহীন পথত

পাহৰণিৰ গৰ্ভত লুপ্ত হয়
জীৱনৰ ঘাত প্ৰতিঘাতৰ স্মৃতি

ৰিণি-ৰিণি অনুভৱ হয়














বহুদিনৰ মুৰত
ডাৱৰৰ গুজৰনিয়ে
কঁপাই তুলিছে আকাশ বতাহ

অনুৰনিত সুৰ এটি
বৈ আহিল
বাৰিষাৰ ঢৌৰ দৰে

আকাশে বতাহে উপচি পৰে
এটি চেঁচা ঢৌৰ
আদিম বন্য স্পন্দনৰ সজীৱতা

ডাৱৰৰ গহীন চাৱনিত
বুকুত অনুভৱ হয়
ৰিণি-ৰিণি বহাগৰ পৰশ

ঢৌ খেলা বিৰিণাৰ তালে তালে








অনোভৱ কৰো
ফাগুনৰ এছাটি পচোৱাই
বিৰিণাত ঢৌ খেলাই
অবুজ ভাষাৰ এটি অনুভবেৰে
তৰপা তৰপকৈ জমি থকা
অনুভূতিবোৰত কঁপনি তুলিছে

বাট হেৰুয়াই
উমি উমি বুকুত জ্বলা
এটি এটি অচিনাকি ঢৌৱে
মনৰ ভাজে ভাজে উক দিছে

জয়াল জয়াল লগা
খহি পৰি মূক হৈ ৰোৱা
টুকৰা টুকৰ ভাৱবোৰ
জীৱিত হৈ উন্মাদ চঞ্চলতাৰে
বুকুত উপচি পৰিছে

নিগৰি বৈ অহা আশাবোৰে
এক অবুজ মাদকতাৰে
আকৌ বুকুত ৰচে
এটি পাহাৰী নিজৰাৰ কল্লোলিত সুৰ

অবাধে খহি এই নিজৰাই
অৱচেতন মনত জগাই তোলে
চাঞ্চল্যৰ এটি মৃদু স্পন্দন

মায়াৰ ফান্দত পৰি
বুকুত নিঃশব্দে বগাই ফুৰে
এক অজুব সুৰৰ গুণগুণনি

মনে খেপিয়াই বিচাৰি ফুৰে
তেজত হেৰাই যোৱা হাবিয়াসবোৰ

উন্মনা হৈ অবুজ মন
নিজানে ঢাপলি মেলে
ঢৌ খেলা বিৰিণাৰ তালে তালে

অজান উপলব্ধিবোৰৰ আস্ফালিত প্ৰতিধ্বনিত










আকাক্ষ্যাবোৰৰ মায়াৱী পৰশত
দৈনদ্দিন জীৱনৰ খলা-বমা পথবোৰত
খোজে পতি কঁপি উঠা
শৰীৰৰ আন্দোলিত ভাৰ 

এটি নিজান সুৰে
নিঃসংগতাৰ সুযোগলৈ
সৰি পৰা পাতৰ তালে তালে
মনত খেলিমেলি কৰি
আকাশী লতাৰ দৰে মেৰিয়াই ধৰে

মোৰ দৃষ্টিত বিষাদ 
সৰা পাত
ফাগুনৰ বতাহত সৰি পৰি
পৰিত্যক্ত মূল্যহীন

মোৰ মনত চলা সংঘাট
আৰু আত্মাৰ বিননিবোৰে
লুকাভাকু খেলি খেলি
আঁক বাক কৰি যায়
জৰ্জৰিত প্ৰাণটো 

জীৱনৰ আসেপাশে 
গতিশীলতাৰ বোৱতী ঢৌয়ে
অহৰহ খেলি থাকে
মায়াজাল ৰছি

অজান সংগীতৰ 
এটি লক্ষভ্ৰস্ত ঢৌ 
বৈ আহে
পচোৱাৰ অস্থিৰ চলনত

বাট হেৰুয়া
অজান উপলব্ধিবোৰৰ
আস্ফালিত প্ৰতিধ্বনিত
অনুভৱ কৰো 
দুৰ্ব্বল প্ৰাণেদি বাগৰি গৈছে
এটি মৃদু কম্পন

এইদৰেই অহা 
বহুতো নুবুজা ভাৱে
শ্বাস ৰূদ্ধ কৰি
অস্থিৰ কৰি তোলে মন

পৰিচয় ওপঙি ফুৰে অন্ধকাৰত












মোৰ অভিধানত নিজানে নিজানে
থিতাপি লৈছিল তমসাৰ বিষাদে

উশাহত বিয়পা উৎকণ্ঠাই
উদাসীন বতাহত
চটিয়াই দিয়ে নিস্তব্ধ শূন্যতা

জীৱনে খোজ লয়
আন্ধাৰৰ আঁচলত ধৰি

আন্ধাৰৰ আৰত
উৱলি বিয়পি পৰে
মোৰ প্ৰতিকৃতি

মোৰ তেজৰ সোঁতত
অভিজ্ঞতাৰ আঁচোৰ

জীৱনৰ অৰ্থ বিছাৰি
বিবেকী যুদ্ধত
হেৰাই যোৱা পৰিচয়
ওপঙি ফুৰে অন্ধকাৰত

মই অচিন পথৰ যাত্ৰী
কঁপি উঠিছিল বুকু
বিচিত্ৰ এই কালৰাত্রি

মোৰ সত্তাত সৃষ্টি 
এই অস্থিৰতাৰ সৰ্পিল পাকত
ভাঁহি যায় তুলুঙা নাও
বিষন্নতাৰ ঢৌবোৰৰ তালে তালে

মৌনতাৰ নিস্তব্ধতা












মনত সিঁচি দিছিল 
মৌনতাৰ নিস্তব্ধতাই
এটি ঢৌৰ কঁপনি

জীৱনৰ বাটে বাটে
ঠন ধৰি উঠা
উপলব্দ্ধিৰ এই গুণগুণনিত
মনত ফুটি উঠে অস্থিৰতা

নিঃশব্দে উপঙি থাকি 
ঢালি দিয়ে 
মৌন অন্ধকাৰ

দৈনন্দিন সৃষ্টিৰ চেতনা
নিৰৱতাৰ দৃৱাৰ সৰকি
ভেটা ভাঙি দিক্‌হাৰা হৈ
বিয়পি পৰে তেজৰ সোঁতত 

এই মায়াৰ জালত পৰি
টলমল কৰা মনে
ককবকাই ঢাপলি মেলে
আত্মানুসন্ধানৰ পথত

অবুজ ভাষাৰ তেজৰ স্পন্দনবোৰে
মনৰ কোণে কোণে ঢৌ তুলি
বুকুলৈ উজাই আনে
এটি সংঘাতৰ খেলিমেলি

অৱচেতন মনত পাক-ঘূৰনি খাই
অলপ অভিমান আৰু কিছু আৱেগ
সংমিলিত হয় এটি বিন্দুত

কিয় মনত ঢৌ খেলে ফাগুণৰ এই ৰঙীন ৰঙত








জাগ্ৰত অনুভূতিবোৰ 
চঞ্চল মনত আশাৰ ধল হৈ
বিছাৰি ফুৰে ৰং

কিয় মনত ঢৌ খেলে 
ফাগুণৰ এই ৰঙীন ৰঙত 

থমকি থমকি পখিলাৰ দৰে 
মৰম সিক্ত অনুভূতিৰে 
বাঢ়ি আহে প্ৰত্যাশা

মৌনতাৰ আৰ লৈ
এটি আৱেগিক চঞ্চলতাই
নীৰবে গুম গুমায়

উদাসীন মনত
নীৰবে সানি যায় 
এবুকু হেঁপাহ

চিনোঁ চিনোঁ লগা বাটেৰে
সপোনটিয়ে উটুৱাই নিয়ে মন

মন কঁপে 
অবুজ ভাৱৰ 
চাকনৈয়াত পৰি

মিশ্ৰিত এটি আৱেগে
স্মৃতিবোৰ জগাই তুলে

মৌনতাৰ অস্থিৰতাত মন জ্বলে
নুবুজা মায়াৰ পৰশ বিছাৰি

বাউলী বতাহৰ উখল-মাখলত 
নল খাগৰীত ঢৌ উঠে

হৃদয়ে সঁহাৰি পাই 
আলফুলে বুটলে
ৰূপালী জোনাকৰ 
ৰিহাৰ আচল

মৌন ক্ষণবোৰৰ মিঠা আৱেশত
ওফন্দি উঠা প্ৰাণোচ্ছল উলাহত
অবুজ মন ঢাপলি মেলে 
উন্মনা হৈ

দূৰে দূৰে থাকি  
সোঁৱৰণিয়ে উজুটি খায়
স্মৃতিৰ ঢৌবোৰৰ 
সৰি সৰি পৰা ছিটিকনিত

ফাগুনৰ সন্ধিয়া
পথভ্ৰস্থ হোৱা মনে
উপকূল বিছাৰি
বৈ যোৱা সোঁতত 
এৰি দিয়ে আৱেগৰ বাসনা

শূন্যতাৰ বিষাদ বিসৰ্জন দি
পানী-যুঁৱলিত
মন উটি ফুৰে উন্মুক্ত হৈ