ঢৌ খেলা বিৰিণাৰ তালে তালে








অনোভৱ কৰো
ফাগুনৰ এছাটি পচোৱাই
বিৰিণাত ঢৌ খেলাই
অবুজ ভাষাৰ এটি অনুভবেৰে
তৰপা তৰপকৈ জমি থকা
অনুভূতিবোৰত কঁপনি তুলিছে

বাট হেৰুয়াই
উমি উমি বুকুত জ্বলা
এটি এটি অচিনাকি ঢৌৱে
মনৰ ভাজে ভাজে উক দিছে

জয়াল জয়াল লগা
খহি পৰি মূক হৈ ৰোৱা
টুকৰা টুকৰ ভাৱবোৰ
জীৱিত হৈ উন্মাদ চঞ্চলতাৰে
বুকুত উপচি পৰিছে

নিগৰি বৈ অহা আশাবোৰে
এক অবুজ মাদকতাৰে
আকৌ বুকুত ৰচে
এটি পাহাৰী নিজৰাৰ কল্লোলিত সুৰ

অবাধে খহি এই নিজৰাই
অৱচেতন মনত জগাই তোলে
চাঞ্চল্যৰ এটি মৃদু স্পন্দন

মায়াৰ ফান্দত পৰি
বুকুত নিঃশব্দে বগাই ফুৰে
এক অজুব সুৰৰ গুণগুণনি

মনে খেপিয়াই বিচাৰি ফুৰে
তেজত হেৰাই যোৱা হাবিয়াসবোৰ

উন্মনা হৈ অবুজ মন
নিজানে ঢাপলি মেলে
ঢৌ খেলা বিৰিণাৰ তালে তালে